পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৭২
অসমীয়া সাহিত্যৰ চানেকি।

সেহি কালে জীৱৰ উপাধি যত হয়।
চৈতন্য শক্তিৰ সমে যিতে হয় লয়॥
তাহাকে নিৰোধ বোলে জানিবা নিশ্চিত।
মুক্তিৰ লক্ষণ আৰে কৰিবো বিদিত॥
অবিদ্যাৰে আৰোপিত আছে কৰ্ম্ম যত।
তাক তেজি স্থিতি হোৱে ব্ৰহ্মৰ ৰূপত॥
বিষয় সম্বন্ধ কিছু নাথাকে স্মৰণ।
ইহাকেসে মুক্তি বুলি কহে বিজ্ঞজন॥
যাত হন্তে হোৱে ইতো সৃষ্টি স্থিতি নাশ।
যাৰ হন্তে হোৱে ইতো জগত প্ৰকাশ॥
তেন্তে পৰং ব্ৰহ্ম সমস্তৰে সাক্ষী ৰূপ।
তাহাঙ্ক আশ্ৰয় বোলে কহিলোঁ স্বৰূপ।
এহি দশ লক্ষণক কৰিলোঁ ব্যাখ্যান।
সি কাৰণে বোলে জানা শ্ৰীমহাপুৰণ॥
পঞ্চটি লক্ষণ মাত্ৰ অন্য পুৰণৰ।
সৰ্গ প্ৰতি সৰ্গ বংশ আৰু মন্বন্তৰ॥
বংশানুচৰিত সমে এ পাঞ্চ লক্ষণ।
এতেকেসে ভাগৱত পৰম শোভন॥
সেহি ভগৱতৰ শুনিয়ো যেন ধ্যান।
পদ্ম পুৰাণত তাৰ আছয় প্ৰমাণ॥
প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়।
তৃতীয় চতুৰ্থে যাৰ হৱে উৰুদ্বয়।
নাভি দেশ পঞ্চম ষষ্ঠেসে বক্ষঃস্থল।
সপ্তম অষ্টমে কৰ কমল যুগল॥
কণ্ঠদেশ নবম দশমে যাৰ তুণ্ড।
একাদশ ললাট দ্বাদশ যাৰ মুণ্ড॥
হেন ভাগৱতৰ মূৰুতি মনোহৰ।
তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ॥
ভক্তিৰূপ অলঙ্কাৰে তনু দীপ্যমান।
সেহি প্ৰভু আদি দেৱ কৰুণা নিধান॥