পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
শ্ৰীমদ্ভাগৱদগীতা।৫৬৯

মনত অধিক বুদ্ধি কহিলোঁ তোমাক।
সবাতো অধিক শ্ৰেষ্ঠ আত্মা বোলে যাক॥
জানি আপোনাৰ যে সাত্ত্বিক বুদ্ধিবলে।
আত্মাত মনক নিয়া ৰাখিবে নিশ্চলে॥
আত্মাত ৰাখিলে মন বিষয় উদাস।
আপনি হোৱন্ত নষ্ট কাল মায়া পাশ॥
কৃষ্ণৰ সেৱাত যাৰ স্থিৰ ভৈলা মন।
একোকালে নাহি জানা তাহাৰ পতন॥
বিদূৰ তীৰ্থক লাগি কেনে যত্ন কৰা।
হৃদিত ঈশ্বৰ আছে তাক নুসুমৰা॥
তীৰ্থৰো পৰম স্থান কৃষ্ণৰ চৰণ।
ৰঙ্গা চৰণক সেবি লৈয়োক শৰণ॥
দেৱৰো পূজিত যিটো হৰিত ভকত।
সেহি জন জানিবা উত্তম ভাগৱত॥
কহৱৈ গোবিন্দ নিশ্ৰে কৃষ্ণপদে পৰি।
হৰিৰ নামক কোটি তীৰ্থে নোহে সৰি॥
হেন জানি সভাসদ এড়া আন কাম।
পাতক ছাড়োক ডাকি বোলা ৰাম ৰাম॥

ইতি শ্ৰীভগবদ্‌গীতায়াং তৃতীয়োহধ্যায়॥

——