শুনা পাঞ্চ যজ্ঞ যেন কৰিবেক নিত।
পাঠ হোম বলি বিশ্ব অৰ্চ্চিব অতিথ॥
স্নান দেৱপূজা কৰি তৰ্পিবেক নৰে।
হোম বলি স্তুতি মন্ত্ৰ পাঠ তাত পৰে॥
অতিথিৰ অন্বেষণে ৰাজমাৰ্গে যাব।
সবাকো অৰ্চ্চিয়া গৃহী পৰে অন্ন খাব॥
দেৱক নিদিয়া আত্মা অৰ্থে বান্ধে অন্ন।
পাপ মাত্ৰ ভোজন কৰয় নোহে অন্য॥
যজ্ঞ কৰি যিটোজনে অৱশেষ খায়।
তাহাৰ যতেক পাপ সবে দূৰ যায়॥
বৃষ্টিদ্বাৰা অন্ন হোৱৈ জানিবা সাক্ষাত।
অন্ন হন্তে শুক্ৰৰূপে প্ৰজা হোৱৈ জাত॥
প্ৰাণীৰ ব্যাপাৰ কৰ্ম্ম উপজয় পুন।
কৰ্ম্মতে উপজে পুণ্য জানিবা অৰ্জ্জুন॥
বেদ যজ্ঞ হন্তে যেন যজ্ঞ উপজয়।
বেদো ঈশ্বৰৰ বাক্য জানিবা নিশ্চয়॥
কৰ্ম্ম কৰি জগতৰ চক্ৰ প্ৰবৰ্ত্তয়।
সংসাৰ কাৰণ যজ্ঞ জানা ধনঞ্জয়॥
ঈশ্বৰৰ আজ্ঞা ভাঙ্গি নকৰয় কৰ্ম্ম।
পাপ আয়ু মাত্ৰ তাৰ ব্যৰ্থ পাৱৈ শ্ৰম॥
ঈশ্বৰে অৰ্পিয়া এড়ি কৰ্ম্ম সদাচাৰ।
কিন্তু পুণ্যভাগী হোৱে নেড়াৱে সংসাৰ॥
ঈশ্বৰে অৰ্পিয়া কৰে সংসাৰ এড়াৱে।
যেন দুগ্ধ মথিলেও দধি ঘৃত হোৱে॥
যি পুনু আত্মাত ৰতি তুষ্ট সৰ্ব্বদাই।
তাহাৰো জানিবা কিঞ্চিতেকো কৰ্ম্ম নাই॥
ধৰ্ম্ম কৰে যদি তভো নোহে কৰ্ম্মভাগ।
নকৰিলে কৰ্ম্ম পুনু নপাৱয় লাগ॥
তোমাৰ অৱশ্যে কৰ্ম্ম কৰিতে লাগয়।
যিমতে কৰিবা কৰ্ম্ম শুনিয়ো নিৰ্ণয়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৪৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৪
অসমীয়া সাহিত্যৰ চানেকি।