পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৬২
অসমীয়া সাহিত্যৰ চানেকি।

কতোগুলা কৰ্ম্ম কৰি হোৱয় উদাস।
আগে কৰ্ম্ম নকৰিলে নিসিজে সন্যাস॥
যাৰ পুনঃ কৰ্ম্ম কৰি শুদ্ধ ভৈল মন।
তাকেসে কহিলো জ্ঞান জানিবা অৰ্জ্জুন॥
কৰ্ম্ম কৰি যাৱত নোহোৱে শুদ্ধ চিত্ত।
বৰ্ণাশ্ৰম কৰ্ম্ম কৰিবেক যথোচিত॥
পাৰ্থে বোলে হেন যদি হয় ভগবান।
তবে প্ৰথমতে কেন কহিলাহা জ্ঞান॥
কৃষ্ণে বোলে যি কাৰণ কহো হেতু তাৰ।
তোমাৰ শোকৰ দেখো নাহি পাৰাবাৰ॥
শোক গুচাইবে নোৱাৰোহো একোমতে।
এতেকতে সাংখ্য জ্ঞান দিলো প্ৰথমতে॥
জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে।
বিনাকৰ্ম্মে ক্ষণমাত্ৰ থাকিতে নপাৰে॥
প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্ব্বৰ।
সকলো গুণৰ বশ্য লোক সংসাৰৰ॥
গুণে থাকি কৰে শুভাশুভ ধৰ্ম্মাধৰ্ম্ম।
পূৰ্ব্বৰ সংস্কাৰে যে আপুনি কৰে কৰ্ম্ম॥
স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল।
কৰ্ম্মেন্দ্ৰিয় বিৰোধিয়া কৰ্ম্মক এড়িল॥
কিন্তু পুনঃ মন বিষয় আছে যাৰ।
যতেক চিন্তন ধ্যান কপট আচাৰ॥
জ্ঞান ধ্যান কৰ্ম্ম তাৰ সকলোয়ে মিছা।
ইন্দ্ৰি লৈয়া মন চলে ঈশ্বৰৰ ইচ্ছা॥
যি পুনঃ মনক নিয়মিল ভালমতে।
সব ইন্দ্ৰি বশ্য হয় মনৰ লগতে॥
যেনি তেনি মন চলে ইন্দ্ৰিয়ক লই।
যেন জীব থাকিলে দেহ কিছু নুই॥
ঈশ্বৰক অৰ্পি কৰ্ম্ম কৰে ফল ত্যাগি।
সেই মুক্ত যোগীয়ে পুৰুষ মোক্ষ ভাগী॥