পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৫৭
শ্ৰীমদ্ভগৱদগীতা।

কৃষ্ণে বোলে সব্যসাচি তাৰ কহো তত্ত্ব।
যোগীৰ ইন্দ্ৰিয় বশ্য হোৱৈ স্বভাৱত॥
জড় আতুৰৰো ইন্দ্ৰি নকৰে প্ৰকাশ।
কিন্তু তাৰ মনে কিছু আছে অভিলাষ॥
চিৰকালে যোগীগণ কৰৈ যোগবলে।
তভো ইন্দ্ৰি মন লৈয়া তত কাল চলে॥
যেবে মোক বুদ্ধি কৰি কৰিলা আশ্ৰয়।
তেবে তাৰ মন বশ্য আপুনি হোৱয়॥
মনক নিয়ম কৰি লৈলে যেন হয়।
বিষয়ক মন বুদ্ধি সঙ্গক কৰয়॥
সঙ্গ হন্তে তাত পাছে কাম উপজয়।
তাৰ দোষ কহো শুনিয়োক ধনঞ্জয়॥
কাম ঐশ্বৰ্য্যত থাকি মদ বাঢ়ে তাৰ।
পৰে নসহিয়া স্পৃহা কৰৈ আপোনাৰ॥
অন্যোঅন্যে প্ৰতিঘাত বঢ়ায় বিৰোধ।
বিৰোধত হন্তে উপজয় কাম ক্ৰোধ॥
ক্ৰোধত থাকিয়া সন্মোহেৱো লাগ লয়।
কাৰ্যাকাৰ্য্য ভাল মন্দ সবে পাহৰয়॥
গুৰু মুখে শাস্ত্ৰ পঢ়ি পাইল যত যত।
সন্মোহত হন্তে তাৰ শ্ৰুতি হোৱৈ হত॥
যেবে শ্ৰুতি হত ভৈল নাহিকে চেতন।
অচেতন বৃক্ষ তুল্য হোৱে মৰা যেন॥
অৰ্জ্জুনে বোলন্ত কৃষ্ণদেৱ কৃপাময়।
বিষয়ত নথাকিলে দেহ নৰৱয়॥
যদি বিষয়ত থাকে ইন্দ্ৰি তাৰ বৈৰী।
আৰ স্থিতিপ্ৰজ্ঞ হইবেক কেনেকৰি॥
কৃষ্ণে বোলে মন আত্মা নেড়ে সৰ্ব্বদায়।
বিষয়ক ভুঞ্জে তাৰা ৰাগ দ্বেষ নাই॥
এহি মতে প্ৰসাদ লভয় অনন্তৰ।
দুঃখ গুচি বন্ধ মুক্ত হোৱে জগতৰ॥