পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৫৬
অসমীয়া সাহিত্যৰ চানেকি।

লৌকিক বৈদিক শুনি নচলয় চিত্ত।
তেবে জানা স্থিৰ বুদ্ধি ভৈল সমাধিত॥
যাক বুলি সাধি যজ্ঞ তেহেসে ঈশ্বৰ।
এনুৱা অভ্যাসে মোৰ পদ পাৱে নৰ॥
পুনু পাৰ্থ পোচে স্থিত-প্ৰজ্ঞ কাক বোলে।
কিমত সমাধি তাৰ কেন মতে চলে॥
কিবা বাক্য বোলে যোগী কি মত আসন।
কেন মতে চিনি তাক কিমত লক্ষণ॥
কৃষ্ণে বোলৈ স্থিত-প্ৰজ্ঞ কহিবো নিৰ্ণয়।
এড়িল সংশয় যত মনৰ বিষয়॥
এড়ি বিষয়ক চিত্তে আমাত ৰময়।
সেহি গোট স্থিত-প্ৰজ্ঞ জানিবা নিশ্চয়॥
দুঃখ পাইলে উদবিগ্ন নেহয় যি জন।
সুখত যাহাৰ নহি আনন্দিত মন॥
প্ৰিয় অপ্ৰিয়কো ত্যজে এড়ে ক্ৰোধ ভয়।
সেহি মুনি স্থিৰবুদ্ধি জানা ধনঞ্জয়॥
পুত্ৰতো শত্ৰুতো দুইতো যাৰ স্নেহ নাই।
শ্লাঘ্য নকৰয় যিটো উপকাৰ পাই॥
দুই জনে অন্যোঅন্যে কৰে ঘোৰদ্বন্দ।
সঙ্গে থাকে কাহাকো নোবোলে ভাল মন্দ॥
উচ্চ নোবোলয় কাকো হীন নোবোলয়।
প্ৰজ্ঞা প্ৰতিস্থিত উদাসীন সেহি হয়॥
বিষয়ত সৰ্ব্বদায়ে থাকে ইন্দ্ৰিগণ।
অস্পৃহাসে আনিবাক পাৰে যিটো জন॥
যেন কূৰ্ম্ম অনায়াসে সঙ্কোচাৱে পাৱ।
যোগীৰ ইন্দ্ৰিয় সংযমৰো সেহি ভাৱ॥
পাৰ্থে কৃতাঞ্জলি কৰি বোলে যদুপতি।
উপবাসী আতুৰৰ কেন নোহে গতি॥
ইন্দ্ৰিয় সংযম মাত্ৰে যদি গতি পাই।
তাসবাৰ দেখো বিষয়ত চেষ্টা নাই॥