পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৫৪
অসমীয়া সাহিত্যৰ চানেকি।

কুবুদ্ধি নোহয় সিটো মহন্ত আশয়।
যত সুখ আছে ব্ৰহ্মসুখতে মিলয়॥
যেন কূপে জলপান সিজয় মাতৰ।
স্নান কৰিবাক খোজে দীৰ্ঘ সৰোবৰ॥
পাছে বিচাৰিয়া জ্ঞানী মহাহ্ৰদ পাই।
স্নান পান যত কৰ্ম্ম সিজে এক ঠাই॥
সেহি মতে কৰ্ম্ম ফল মোক্ষ বিনে মুই।
কৰ্ম্মত সংকল্প কৰি অধোগতি যাই।॥
যদি বোলা ঈশ্বৰ ভজনে সব হয়।
আৰ কি কাৰণে কৰ্ম্ম কৰিবে লাগয়॥
জ্ঞানক ভক্তিক লাগি যিজনে ইচ্ছয়।
কৰ্ম্ম কৰিবাক তাৰ অৱশ্যে লাগয়॥
তোমাত কৰ্ম্মৰ আগে পাছে অগোচৰ।
কিন্তু কৰ্ম্ম কৰি তাৰ নমাগিবা ফল॥
অৰ্জ্জুনে বোলন্ত প্ৰভু শুনা যদুপতি।
ভুঞ্জিলে আপোন প্ৰাণ হোৱয় তৃপিতি॥
সেহি মত কৰ্ম্ম সত্ত্বে জানিবা সকল।
নুখুজিলে তথাপি আপুনি দেন্ত ফল॥
কৃষ্ণে বোলে সাধু বাক্য মানিলো তোমাৰ।
কিন্তু মহাফল আছে ঈশ্বৰ সেৱাৰ॥
গোটেক দৰিদ্ৰ গৈলা ধনী জন পাশে।
ধনী জনে সন্তোষিৰে দুঃখী যত আসে॥
বহু ধন দিবাক দাতাৰ আছে মন।
তাত গৈয়া খোজে যেন এক মুঠি কণ॥
কৰ্ম্মতে মোক্ষেসে ফল জানা মহামতি।
কৰ্ম্মত সংকল্প কৰি যাই অধোগতি॥
কামীসে সঙ্কল্প কৰ্ম্মে কৰে নানা ছন্দ।
সেহি কৰ্ম্মে তাক কৰে সংসাৰত বন্ধ॥
তুমি যোগে থাকিবা নিয়ম কৰি মন।
কিন্তু সিদ্ধি অসিদ্ধিত দুইতো হুৱা সম॥