পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৫১
শ্ৰীমন্তগৱদগীতা।

আপুনি ঈশ্বৰ পাছে হৈবেক বেকত।
বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণীত॥
ঈশ্বৰত অৰ্পি কৰ্ম্ম কৰিবা প্ৰাৰব্ধ।
তেবে কোন কালে নুহিবেক কৰ্ম্মবন্ধ॥
কৃষ্ণক প্ৰণামি পুনু বোলন্ত অৰ্জ্জুন।
এহিমতে কৰ্ম্ম কৰিবাক পাৰে কোন॥
বিষয়ত থাকি নানা বিঘ্নি লগ লয়।
কৰ্ম্ম পাতে অঙ্গহীন পাপ মাত্ৰ হয়॥
মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয়।
পশু চোৰ খড় বিঘ্নি ৰাজা দণ্ডি লয়॥
কৃষ্ণে বলে অৰ্জ্জুন কৰ্ম্মৰ কহোঁ মৰ্ম্ম।
ঈশ্বৰৰ অৰ্থে কৰে তাক বোলে কৰ্ম্ম॥
কৰ্ম্ম বুলি জানিবা তাকেসে তত্ত্বসাৰ।
আন যত কৰ্ম্ম কৰে সকলো ব্যাপাৰ॥
মোৰ কৰ্ম্ম ভক্তিক আৰম্ভ মাত্ৰ কৰে।
নিষ্ট জানা তথাপিতো সংসাৰক তৰে॥
নপাইলে ভজিব ভক্তি ভ্ৰষ্ট ভৈল তাৰ।
আৰ জন্মে ভক্তি হৈবে পূৰ্ব্বৰ সংস্কাৰ॥
দেহ এড়ি জন্ম লভি পুণ্য দেহ পাই।
মোহোৰ কৰ্ম্মৰ তিল মাত্ৰো নষ্ট নাই॥
প্ৰমাদে নোৱাৰে যদি নৈমিত্তিক নিত্য।
তথাপিতো কপাতে নাহি প্ৰায়শ্চিত্ত॥
মোৰ ভক্তি অল্প মানে সংসাৰক তাৰে।
যিমান পাৰয় কৰ্ম্ম সেহি মানে কৰে॥
ব্যৱসায়াত্মিকা বুদ্ধি ভৈল যাৰ মনে।
সমস্ত কৰ্ম্মক কৰিলেক সেহি জনে॥
আৰ যত কৰ্ম্ম জন্ম কৰি পৰিহাৰ।
কেৱল কৃষ্ণৰ সেৱা তৰাৱে সংসাৰ॥
হৰি ভক্তি কৰি ময় তৰিবো নিশ্চয়।
ব্যৱসায়াত্মিকা বুদ্ধি ইহাকে বোলয়॥