পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪৯
শ্ৰীমদ্ভগৱদগীতা।

গুৰু উপদেশে নানা শাস্ত্ৰক পঢ়য়।
তথাপি বিচাৰি মোৰ তত্ত্ব নপাৱয়॥
যিবা কহে যিবা শুনে যিবা দেখে মনে।
মায়াত থাকিয়া তাক আচাৰিত মানে॥
যেবে বোলোঁ স্বৰূপত নজানয় মোক।
আৰ কেন ভক্তি জ্ঞান লাগে কহিবাক॥
মোহোত বিশ্বাস দৃঢ় কৰে যিটো নৰ।
সেহিসে স্বৰূপ জানে নোহে অগোচৰ॥
বিশ্বাস নভৈলে তাৰ নোহে অনুকূল।
শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে এক মূল॥
এক মূল নকৰিলে দেখে নানা পথ।
অতএব মুৰ্খে তাৰ নজানয় তত্ত্ব॥
যেন প্ৰলোভন কাৰ্য্যে বাক্য শুনি মৰে। '
সাৰ এড়ি মন্দ কৰ্ম্ম ভাল বুলি কৰে॥
ব্ৰহ্মচৰ্য্য কৰি কৰ্ম্ম কৰিতে লাগয়।
আৰ সেহি দিনা বুলি বিস্তৰ কাটয়॥
প্ৰদীপে পোড়য় ৰোম ছাগলিৰ যত।
বোলে তত কাল মানে থাকিবে স্বৰ্গত॥
মাৰ্কণ্ডি পুৰাণ চণ্ডী পাঠ কৰে তাৰ।
ধৰ্ম্ম অৰ্থ কাম মোক্ষ চণ্ডী অধিকাৰ॥
ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়ে স্ৰজিলা।
তাক সেবি তিনিজনে মহাপদ পাইলা॥
এহিমতে অন্যো অন্যে সম্মতি বখানে।
তাতে বিমোহিত হৈয়া মোহোক নজানে।
যেহি আত্মা সেহি ব্ৰহ্ম নাহিকে অন্তৰ।
আত্মাবিনে ভিন্ন বস্তু নাহিকে অপৰ॥
দেহী বুলি জীৱক কহয় সৰ্ব্বলোক।
অবধ্য জীৱক লাগি কেন কৰা শোক॥
আৰু দেখা তোমাৰ যে স্বধৰ্ম্ম অৰ্জ্জুন।
ক্ষত্ৰিয়ৰ যুদ্ধ বিনা ধৰ্ম্ম আছে কোন॥