পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৮
অসমীয়া সাহিত্যৰ চানেকি।

সেহি হেতু শোক তুমি নকৰিবা আত।
মৰিলে অবশ্য পুনৰপি হোৱে জাত॥
উপজিলে পুনৰপি অৱশ্যে মৰয়।
এহি মতে জীৱ দেহ এড়ি নুগুছয়॥
স্বভাৱে দেহীৰ ধৰ্ম্ম মৰি ওপজয়।
উপাধিত থাকি দেখি স্বৰূপ নোহয়॥
যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাত।
ঘট মধ্যে পুনৰপি চন্দ্ৰ নাহি তাত॥
সেহি,মতে আত্মা দেহ নাছিল পূৰ্ব্বত।
উপজিল মধ্যকালে ভৈলেক বেকত॥
যেবে মৰে আত্মা দেহ দুহাঙ্কো নেদেখি।
হেন জানি কি কাৰণে শোক কৰা সখি॥
পূৰ্ব্বত নাছিল মধ্যকালে ব্যক্ত ভৈলা।
যৈৰপৰা আসিছিলা তৈক লাগি গৈলা॥
অৰ্জ্জুনে বোলন্ত শুনিয়োক যদুৰাজ।
সাক্ষাতে দেখিলে দৃষ্টান্তৰ কোন কাজ॥
আন যত মুৰ্খ তাৰ কথা শুনিয়োক।
সাক্ষাতে দেখিলে পণ্ডিতৰো হোৱৈ শোক॥
হোৱন্ত পণ্ডিত কৰি ব্যাস মহামতি।
শুকে এড়ি যান্তে শোক কৰিলা সম্প্ৰতি॥
কৃষ্ণে বোলে অদ্ভূ‌ত শুনিয়ো অৰ্জ্জুন।
মোহোৰ স্বৰূপ জানিবাক পাৰে কোন॥
মই ব্ৰহ্ম মোৰ কৰ্ম্ম নজানে সাক্ষাত।
ব্ৰহ্মা হৰ মোহ হোৱৈ মোহোৰ মায়াত॥
যিবেলাত স্থূল হওঁ আদি অন্ত নাই।
কোটি কোটি ব্ৰহ্মাণ্ডও মনে আসে যাই॥
যিবেলাত মই আৰু সূক্ষ্মৰূপ ধৰোঁ।
সুষুম্না নাৰীৰ মধ্যে যাতায়াত কৰো॥
অঘট ঘটাওঁ মই পাতি মায়াজাল।
মায়াৰ মইসে মায়া বিকালৰো কাল॥