হেন জানি নৰ কৃষ্ণৰ চৰণ
মধু পিয়া কৰ্ণ ভৰি।
কৃষ্ণ বিনা ত্ৰাণ কোন আছে আন
ডাকি বোলা হৰি হৰি॥
পদ।
পাৰ্থক সম্বোধি কৃষ্ণে বাক্য বোলে পুন।
শোকৰ ব্যৱস্থা কহোঁ শুনিয়ো অৰ্জ্জুন॥
যদি বোলা ক্লেশ দুঃখ সহন নযায়।
চিৰকালে তথাপি নথাকে একঠায়॥
শীত উষ্ণ সুখ দুঃখ ইন্দ্ৰিয় বিষয়।
নষ্ট বস্তু বুলিয়া সহিয়ো ধনঞ্জয়॥
শীতকালে উষ্ণ উষ্ণকালে হোৱে শীত।
দুইকো দুয়ো পৰিবৰ্ত্তী শৰীৰৰ হিত।
শীতে শীতে উঞ্চে উষ্ণে তাৰ দুঃখ নাই॥
কিন্তু কতো কালে থাকে কতো কালে নাই॥
সুখ দুঃখ কত আসে কতো থাকি যাই।
ইহাক বোলয় শাস্ত্ৰে আগম অপায়ী।
সুখ দুঃখ সম কৰি সহে যিটো জন।
সেই ধীৰ বুদ্ধিমত্ত মোক্ষৰ ভাজন॥
অসন্ত বস্তুৰ কতো নাহিকে প্ৰকাশ।
সন্ত বস্তু ভৈলে কদাচিত নাহি নাশ।
অজ্ঞানী অসন্ত সন্ত একে কৰি মানে।
জ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে॥
শীত উষ্ণ সুখ দুঃখ যাৰ মনে নাই।
সেহিসে পুৰুষ শ্ৰেষ্ঠ মোক্ষপদ পাই॥
অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ।
অব্যয় অক্ষয় বিভু ব্যাপক সংসাৰ॥
দেহ আদি অন্ত পুনু সবে উপজয়।
হেন জানি যুদ্ধক উঠিয়ো ধনঞ্জয়॥