ব্ৰহ্মাৰ শকতি পাট ভূমিত পেলাই।
আতি মহাক্ৰোধে নৃপতিক খেদি যাই॥
কুৰ্ম্মৱলী নৃপতিৰ হত ভৈল বুদ্ধি।
প্ৰচণ্ড বতাসে ৰজা আছে চক্ষু মুদি॥
বিমঙ্গল মাৰুতৰ শৰ উৰুৱাৱে।
বিস্ময়ে থাকিল ৰাজা বিহ্বল স্বভাৱে॥
সেহি বেলা মহেশৰ অস্ত্ৰ বিপৰীত।
মনোজয় বেগে গৈয়া চাপিলা সন্নিত॥
প্ৰচণ্ড শবদে দশোদিশ যাই চানি।
তুলাত লাগিল যেন প্ৰচণ্ড অগনি॥
নিমিষেক দহি নৃপতিৰ কলেৱৰ।
পৃথিবী বিদাৰি গৈল পাতাল ভিতৰ॥
সাতো সাগৰৰ জলে কৰিলন্ত স্নান।
দিব্যৰূপ ধৰি গৈল মহেশৰ স্থান॥
সমুখ সমৰে পাছে ৰাজা কুৰ্ম্মৱলী।
পৰম আনন্দে স্বৰ্গলোকে গৈলা চলি॥
শুনা সভাসদ এক চিত্ত কৰি মন।
কুৰ্ম্মাত পৰ্ব্বৰ কথা শুনা বিতোপন॥
ঈশ্বৰৰ যশ কথা ঘোষয় সৰ্ব্বথা।
মোক্ষকো সাধিব বসি ইতো কোন কথা!
বোলয় সাগৰখৰী ভাৰতৰ পদ।
কুমুদ পুৰাণ ইতত কুৰ্ম্মৱলী বধ॥
কলিৰ যুগত ইতো নামেসে প্ৰধান।
কলিৰ যুগত শ্ৰেষ্ঠ কৃষ্ণৰ কীৰ্ত্তন॥
সত্য কৰি কহো সব পাপ সংহৰন্ত।
কুমুদ পুৰাণে কহি আছে ভগৱন্ত॥
ধৰ্ম্মেসে পৰম বস্তু জানিবা নিশ্চয়।
ধৰ্ম্মতে থাকিলে যমকো নাহি ভয়॥
তপ জপ তীৰ্থ আদি যোগ ব্ৰত দান।
ইসব নোহয় কৃষ্ণ কথাৰ সমান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১১১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩১
অসমীয়া সাহিত্যৰ চানেকি।