পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৩০
অসমীয়া সাহিত্যৰ চানেকি।

পৃথিবীৰ কৰুণা শুনিয়া লোক পতি।
যতেক দেৱতা গণ কৰিয়া সঙ্গতি॥
যথা হৰি হৰে ৰণ কৰে দুয়োজনে।
দেৱগণ লৈয়া ব্ৰহ্মা আইল আপোনে॥

ব্ৰহ্মা বোলে দেৱ দেৱ পৰম ঈশ্বৰ।
নমো শূল পাণি নমো নমো চক্ৰধৰ॥
নমো পীতাম্বৰ নমো নমো দিগবাস।
শ্ৰীবৎস অঙ্কিত নমো ভসম বিনাশ॥

নমো লক্ষীনাথ নমো নমম উমাপতি।
বৃষভ বাহন নমো নমো খগপতি॥
এবমাদি ব্ৰহ্মায়ে কৰিল বহু স্তুতি।
হাত যোৰে মধুৰ বচনে নিগদতি॥

ব্ৰহ্মা বোলে শুনহ শঙ্কৰ দামোদৰ।
সত্য বোলে একে কায় হৰি যে হৰৰ॥
অন্ধকক বধিতে যে কালে দুয়োজনে।
সেবেলাৰ ৰূপ তুমি পাশৰিলা কেহ্নে॥

বৃষভত নাৰায়ণ গৌৰীয়ে সহিতে।
খটাঙ্গত শূল আতি শোভে দুই হাতে॥
ভস্ম লেপিত বাঘ চাল আৰ অঙ্গে।
কঙ্কণ কুগুল হাৰ মহা দিব্য ৰঙ্গে॥

গৰুড়েৰ উপৰে চৰিয়া উমাপতি।
দক্ষিণত লক্ষী শোভে বামে সৰস্বতী॥
কণ্ঠত কৌস্তুভ পীতবাস শৰীৰত।
শঙ্খ চক্ৰ গদা পদ্ম ধৰিয়া হাতত॥

ব্ৰহ্মা বোলে ভূত নাথ পাশৰিলা কেনে।
একয়ে শৰীৰ ভিন্ন কৰ কি কাৰণে॥
হৰি হৰি এক তনু নাহি কিছু ভিন্ন।
সৃষ্টি নাশ কৰিবাৰ পাতি্হালা চিন॥