সেহিবেলা নৃপতিৰ পৰিল মনত।
ভয়ঙ্কৰ অস্ত্ৰ পাট যুড়িলা গুণত॥
মন্ত্ৰ পঢ়ি প্ৰহাৰ কৰিলা মহাবীৰ।
সৰ্প নিকলয় তাৰ পাঞ্চ পাঞ্চ শিৰ॥
আকাশ চানিয়া চলে সৰ্প আসৰিস।
লহ লহ কৰে জিহ্বা নাকে পৰে বিষ॥
হেন দেখি গঙ্গাসুত মহাৰঙ্গ ভৈলা।
বৈষ্ণবৰ শৰ পাট হাতে তুলি লৈলা॥
জপ কৰি শৰ পাছে প্ৰহাৰ কৰিল।
অসংখ্যাত সুবৰ্ণৰ গৰুড় পক্ষী ভৈল॥
মহাবেগ ধৰি সবে চলে আকাশত।
খেদি খেদি খাইলা ভূজঙ্গৰ শৰ যত॥
হেন দেখি ক্ৰোধে জ্বলি গৈল নৰেশ্বৰ।
মন্ত্ৰ পঢ়ি প্ৰহাৰিলা শৰ বাসৱৰ॥
বাঘ ঘোঙ সিংহ ধনুহন্তে নিকলয়।
দেখি কৌৰবৰ সৈন্যে ভৈল মহাভয়॥
হেন দেখি গঙ্গাসুত মুনিষ দুৰ্ব্বাৰ।
নাৰায়ণ অস্ত্ৰপাট কৰিলা প্ৰহাৰ॥
চলিলেক শৰ দশোদিশ সুপ্ৰসন্ন।
দানবৰ শৰ সব কৰিলেক চন্ন॥
ঘোৰ মায়াৱন্ত সিতে শৰ বিপৰীত।
চতুৰ্দ্দিশ অন্ধকাৰ দেখি ভয় ভীত॥
দুৰ্ঘোৰ অস্ফাল নাদ শুনি দশোদিশে।
আকাশ ঢাকিয়া পাছে পৰ্ব্বত বৰিষে॥
হেন দেখি গজাসুত মনে ভয় ভৈলা।
নৰসিংহ অস্ত্ৰ পাট হাতে তুলি লৈলা॥
মন্ত্ৰ পঢ়ি শৰ পাছে প্ৰহাৰ কৰিলা।
পিশাচৰ শৰ মানে কাটিয়া পেলাইলা॥
পৰম ক্ৰোধত কুৰ্ম্মৱলী নৃপবৰ।
জপ কৰি প্ৰহাৰিলা তমোময় শৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২৬
অসমীয়া সাহিত্যৰ চানেকি।