পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫২৪
অসমীয়া সাহিত্যৰ চানেকি।

তীৰ্থ মধ্যে সংসাৰত যাক সম নাই।
মোক জন্ম দিলা তেবে গঙ্গাদেৱী আই॥
বিনা যুদ্ধে যদি ময় চলি যাও ঘৰে।
কুখ্যাতি ৰহিবে মোৰ চন্দ্ৰ দিবাকৰে॥
আকে জানি সাবধান হয়ো নৃপবৰে।
তোমাৰ আমাৰ হৈবে যুদ্ধ ভয়ঙ্কৰে॥
অধৰ্ম্ম এড়িয়া যুঝিবাহা স্বধৰ্ম্মত।
সাক্ষী হৈয়া ৰৈবা সবে দেৱগণ যত॥
হেন শুনি কুৰ্ম্মাৱলী দিলেক উত্তৰ।
মোৰ পিতামহ জানা সিন্ধু নৃপবৰ॥
তাহান তনয় ধৰ্ম্মদণ্ড বুলি যাক।
তেহে মহাবীৰ জন্ম দিলন্ত আমাক॥
আকে জানি অধৰ্ম্ম যুদ্ধত কোন কাষ।
স্বধৰ্ম্মত যুঝিবো অন্যায়ত নাহি কাষ॥
এহি বুলি কুৰ্ম্মৱলী ৰাজা নৰেশ্বৰ।
মনত হৰিষে তুলি লৈলা ধনুঃশৰ॥
হেন দেখি ভীষ্মৰ হৰিষ কৰে মন।
ভয়ঙ্কৰ ধনু তুলি লৈলা তেতিক্ষণ॥
দুইকো দুই বচনে সাদৰি বিদ্যমান।
কৰযোড়ে কৰিলেক দেৱক প্ৰণাম॥
দুইকো দুই কৰিলেক ধনুৰ টঙ্কাৰ।
একেলগে দুয়ো বীৰে কৰিলেক শৰ॥
বায়ুবেগে দুয়ো প্ৰহাৰিলা মহাবল।
যেন দুইখান মেঘে বৰিষয় জল॥
দুইখান ধনু দেখি মণ্ডলী আকাৰ।
দুইৰো শৰে আকাশত দেখি অন্ধকাৰ॥
নিচিনয় কাকো কেৱে অন্ধকাৰ ময়।
ধৰণী মণ্ডলে দুয়ো মুনিষ দুৰ্জ্জয়॥
মহাবলী কুৰ্ম্মাতৰ নৃপতিৰ শৰে।
কৌৰবৰ সৈন্যে পৰি ঝাকে ঝাকে মৰে॥