পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫২২ অসমীয়া সাহিত্যৰ চানেকি। • ইন্দ্ৰিয়ৰ ব্যাপাৰ শূন্য কোনো জন নেদেখি, এতেকে ই লক্ষণক আমি সম্ভাবিবে ন পাৰি, তাত শুনা যি ব্ৰহ্মনিষ্ঠাত সকল লোকৰ ব্যাপাৰ নাই, তাতে যিতো জিতেন্দ্ৰিয় হুয়া জাগি থাকে, যি বিষয় নিষ্ঠাত লোকসব প্ৰৱৰ্ত্তে তাত বিবেকীসৰৰ ব্যাপাৰ নকৰে। যেন দিনান্ধ উল্কসব ৰাত্ৰিতেসে দেখে, দিনত চক্ষু মেলি থাকিতেও নেদেখে, তেমনে বিবেকীসবে আহাৰাদি কৰিতেও ব্ৰহ্মতেসে দৃষ্টি, বিষয়ত নথাকে। যদি বোলা বিষয়ত দৃষ্ট্ৰি নহৈলে কেমনে ভোগ কৰে তাত শুনা। যেন নানা নদী পূৰিত সমুদ্ৰক আন জলসব প্ৰবিষ্ট হয়, তথাপি সাগৰে মৰ্যাদা নেৰে, তেমনে বিবেকীক প্ৰাৰ কৰ্ম্মে বিষয় ভোগ কৰাই কিন্তু স্বৰূপত চালিবে নপাৰে, সেই জনে মোক্ষ লভে, কাম ভোগপৰে নাপাই। এতেকে যি প্ৰাপ্ত কামভোগ সব এড়ি, অপ্ৰাপ্ততো পৃহা নকৰি অহঙ্কাৰ মমকাৰ তেজি আত্মক মন দিয়া প্ৰাৰব্ধ ভোগে, যি মিলাৱে তাকে ভোগ কৰে সেই জনে মোক্ষ লভে। আকে উপসংহৰি কহন্ত ঈশ্বৰ আৰাধিতে এই ব্ৰহ্ম নিষ্ঠাক ঈশ্বৰ প্ৰসাদে পায়। পুৰুষ সংসাৰি নহে, সততে ব্ৰহ্ম নিষ্ঠাত থাকি সংসাৰী নহৈব তাক কি বুলিম। অন্তকালত ক্ষণমাত্ৰ এই ব্ৰহ্মনিষ্ঠাত ৰহি ব্ৰহ্মানন্দ লভে। যি ভগৱন্তে শোক- পঙ্কমগ্ন অৰ্জ্জুন ভক্তক সাংখ্যযোগ উপদেশে উদ্ধাৰ কৰিলা, সেই কৃষ্ণত মঞি শৰণ পশিলো। হে সামাজিকসব দেখ ভগৱন্তৰ লোকক কৃপা। অৰ্জ্জনক উপলক্ষ কৰি সকল লোক তৰিবাক প্ৰতি গীতাশাস্ত্ৰ কহিলা। এতেকে যি সুবুদ্ধি হয় তেবে সত্বৰে হৰিক ভজা। আয়ু পুনু পদ্মপত্ৰ জল সম স্থিৰ নহে। হে কৃষ্ণ ভক্তৱৎসল কৰুণাসাগৰ যেমনে তোমাৰ চৰণ পদ্মত মোৰ মন ভ্ৰমৰ ৰহে তেমনে দায়া কৰা। কৌটিবাৰ প্ৰণাম কৰি কাৰ্পণ্য কৰে।। সামাজিক সবে ডাকি হৰি বোল হৰি।