পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫২১. কথা-গীতা।

নিশ্চল হুয়া ৰহে, তেখনে মোক লভিবা। সেই জ্ঞানীৰ লক্ষণ জানিতে, অৰ্জ্জুনে পুছন্ত। হে কেশৱ, স্থিতপ্ৰজ্ঞব কি লক্ষণ, কেমন বচন, আচৰণ, ব্ৰজন, তাক মোত কহা। ভগৱন্তে বোল, জানা অৰ্জ্জুন, সাধক পুৰুষৰ যি জ্ঞান সাধন, সিদ্ধৰ তাকে লক্ষণ বুঝিবা। এতেকে সিদ্ধৰ লক্ষণ সৰ শুনা, যেখন পুৰুষে অযত্নে আত্মসুখত তুষ্ট হয়। ক্ষুদ্ৰ বিষয় অভিলাষ এড়ে, তেখনে তাক স্থিতপ্ৰজ্ঞ বুলি। আৰে। তাৰ কিছু লক্ষণ শুনা, দুখতে মনে ক্ষোভ নহে, সুখতে স্পৃহ নকৰে কাহাতে প্ৰীতি ভয় নকৰে, এমনে ‘স্থিতপ্ৰজ্ঞৰ লক্ষণ কাহাক বোলে’ প্ৰশ্নৰ উত্তৰ কহন্ত। কোনো ঠাই স্নেহ নাচৰে, যেন কুৰ্ম্মে অনায়াসে কৰচবণমুখক সঙ্কোচ কৰে, তেমনে জ্ঞানীয়ো আন বিষয়ৰ পৰা ইন্দ্ৰিয়ক ৰাখে। যদি বোলা ইন্দ্ৰিয়সবৰ বিষয়ত অপ্ৰবৃত্তিয়া স্থিতপ্ৰজ্ঞৰ লক্ষণ হৈক নৰিহে। জৰ, আতুৰ, উপবাস পৰৰৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তাত শুনা। জৰ আদিৰ বিষয়ত অপ্ৰবৃত্তি দেখি, তথাপি তাৰাৰ মনত বিষয়ৰ ৰাগ থাকে, স্থিতপ্ৰজ্ঞৰ পুনু সিয়য় নাই। ইন্দ্ৰিয় নিয়মন নহৈলে স্থিতপ্ৰজ্ঞ নঘটে, এতেকে সাধক অৱস্থাত মহাযত্ন কৰিতে লাগে। বিবেকী জনৰো মোক যত্ন কৰিতেও ক্ষোভক ইন্দ্ৰিয়সব হঠাতে মনক হৰে। এতেকে যোগী ইন্দ্ৰিয়ক নিয়মি মৎপৰ হুয়া ৰহিব। যাৰ ইন্দ্ৰিয় অধীন হৈল, তাৰ বুদ্ধি স্থিৰ হৈল জানি। আসন প্ৰশ্নৰে আতে উত্তৰ বুঝিবা। বাহ ইন্দ্ৰিয় নিয়ম নহৈলে, দোষ কহি। মন নিয়ম নকৰিলে দোষ কহন্ত। গুণ বুদ্ধি বিষয়ক চিন্তিলে পুৰুষৰ তাতে আসক্তি হয়। তেবে তাত কাম জন্মে, কামৰ প্ৰতিঘাটে ক্ৰোধ হয়। ক্ৰোধ হৈলে কাৰ্য্য অকাৰ্য বিবেক গুচে। তেৰে তাৰ শাস্ত্ৰ আচাৰ্য্য উপদেশত ভ্ৰম হয়, তেবে পুৰুষৰ বুদ্ধি নাশ হয়; বুদ্ধি নাশ হৈলে মৃতক সম হয়। যদি বোলা ইন্দ্ৰিয়সব সততে বিষয়ত প্ৰৱৰ্ত্তে তাক নিৰোধন, অশ্য এতেকে ই দোষ এড়া নাযায়; কেমনে স্থিতপ্ৰজ্ঞ হৈব, তাত শুনা। যাৰ মন ইন্দ্ৰিয় বশবৰ্তী হৈল, সি ৰাগ দ্বেষ এড়ি বিষয় ভোগ কৰিতেও শান্তিক লভে। শান্তচিত্ত পুৰুষৰ সকল দুখ নষ্ট হয়, বুদ্ধিমো স্থিৰ হয়। অজিতেন্দ্ৰিয় পুৰুষৰ শাস্ত্ৰ আচাৰ্য্যৰ উপদেশেও আত্মা বিষয় বুদ্ধি ঘটে, ধ্যানন নাই, ধ্যান নহৈলে শান্তিয়ো নাই। অশান্তৰ কৈত মোক্ষ হয়, আৰ হেতু শুন। ইন্দ্ৰিয় বশ্য নহৈলে স্বেচ্ছায় বিষয়ত প্ৰৱৰ্ত্তে, তাৰ মধ্যত একে ইন্দ্ৰিয় মনে পুৰুষৰ বুজি হৰে, সকল ইন্দ্ৰিয় হৰিৰ তাক কি বুলিম যেন প্ৰমত্ত কৰ্ণধাৰ হৈলে বায়ুয়ে নৌকাক সততা ভ্ৰমাই, তেমনে অজ্ঞানীৰ মনন বিষয়ত ফুৰে। এতেকে যাৰ ইন্দ্ৰিয়সব বিষয়ত ইন্তে সততে নিবৰ্তন হৈল, তাকে স্থিতপ্ৰজ্ঞ বুঝি। যদি বোলা সুপ্ত হেন সকল