পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫২৩ অসমীয়া সাহিত্যৰ চানেকি। বেদৰ স্তুতিপৰ বচনত প্ৰীত হুয়া জ্ঞান শূন্য হুয়াছে। এতেকে স্বৰ্গত পৰ ঈশ্বৰকো প্ৰাপ্য কৰি নোবোলে। কামে আকুলচিত্ত হুয়া, স্বৰ্গকে মহাপুৰুষাৰ্থ বুলি মানে। স্বৰ্গভোগ অন্তৰে জন্ম ধৰি কৰ্ম কৰি পুনু সৰ্গ পাইবো বুলি মানে; ভোগ ঐশ্বৰ্য্যক পাইবাক লাগি নানা কৰ্মসবে কৰে, সদাই ভোগ ঐশ্বৰ্যক আসক্তি কৰি থাকে; বেদৰ পুষ্পিত বাক্যে চিত্তকে। হৰিছে। এতেকে তাসব একনিষ্ঠ হুয়া পৰমেশ্বৰক ভজিবে পাৰে। যদি বোল স্বৰ্গাদি যেৰে পৰম ফল নহে, তেৰে কেনে বেদে তাৰ সাধন কৰি, কসব বিধান কৰে, তাত শুনা। সকামী লোকক প্ৰতিসে বেদে কৰ্ম্মফল কহে। তুমি নিষ্কামী হৱা। নিষ্কামী হৈবাৰ উপায় শুনা। সুখ দুষখক সহা, মহাধৈৰ্যক আশ্ৰয় কৰা, অপ্ৰাপ্ত বস্তুক স্বীকাৰ এড়া, প্ৰাপ্ত বস্তুকো ৰক্ষা তেজা, তেবে নিষ্কামী অৱশ্যে হৈবা। যদি বেলা, বেদোক্ত নানা ফল এড়ি নিষ্কাম হুয়া পৰমেশ্বৰৰ আৰাধনত যি ব্যৱসায় বুদ্ধি কহিলা, আক কুবুদ্ধিসে বুলি; তাত শুনা। যেন বাপী কৃপ তড়াগত যিমান স্নান পানাদি কাৰ্য্য হয় সিমান কাৰ্য মহাদত একে ঠাই হয়; তেমনে সকল বেদোক্ত কৰ্ম্মত যিমান ফল হয়, সিমান-ফল নিশ্চয়াত্মিকা বুদ্ধিযুক্ত ব্ৰহ্মনিষ্ঠৰ হয়। ব্ৰহ্মানন্দত ক্ষুদ্ৰানন্দ- সব অন্তৰ্ভাব হুয়া আছে। ব্ৰহ্মানন্দ ৰসৰ লৱলেশ কণাক প্ৰাণীসবে আস্বাদন কৰে এতেকে আক সুবুদ্ধি কৰি জানিব। তেবে সকল কৰ্ম্মৰ ফল পৰমেশ্বৰ আৰাধনতে মোৰ হৈব বুলি প্ৰৱৰ্ত্তিব। তাক নিবাৰি বেলন্ত, তত্ত্বজ্ঞানাৰ্থী তোমাৰ কৰ্ম্মতেসে অধিকাৰ। বন্ধহেতু ফলত কামনা নহৌক। যদি বোলা, কৰ্ম্ম কৰিলে ফল আপুনি হৈব, তাত শুনা। কামনা কৰিলেসে ফল হয়; অকামীত ফল তোমাৰ নহৈব। বন্ধভয়ে কৰ্ম্ম অকৰণতত নিষ্ঠা নকৰিবা; কিন্তু পৰমেশ্বৰত একনিষ্ঠা হুয়া আসক্তি এড়ি কৰ্ম্মসব কৰা। তাৰ ফল জ্ঞানৰ সিদ্ধি অসিদ্ধিতে সম হুয়া, কেবল ঈশ্বৰত অৰ্পন কৰি কৰা; যাতে সম ভাৱক যোগ বুলি কহে। ঈশ্বৰাৰ্পিত কৰ্ম্মত কৰি, কাম্য কৰ্ম্ম অত্যন্ত অপকৃষ্ট, এতেকে তুমি ঈশ্বৰত শৰণ লৈয়া, জ্ঞান সাধন নিষ্কাম কৰ্ম্মযোগ আচৰা। সকামী জনক অতি কৃপণ জানিব।। নিষ্কাম কৰ্ম্মযোগী অতি শ্ৰেষ্ঠ, যাতে সি ঈশ্বৰৰ প্ৰসাদে এই জন্মতে পাপ পুণ্য দুইকো এড়ে। এতেকে তুমি ঈশ্বৰৰ অৰ্থে কৰ্ম্মসব কৰা, সেই কৰ্মে বন্ধ দূৰ কৰি মোক্ষ সাধিব; যেমনে কৰ্মে মোক্ষ সাধে, সেই প্ৰকাৰ শুনা। বিবেকীসবে কৰ্মজন্য ফলসব ঈশ্বৰত অৰ্পি কৰ্মবন্ধ এড়াই, নিৰুপদ্ৰৱ বিষ্ণুপদ মোক্ষ পাৱে। যদি বোলা, মঞি কেতিয়া সেইফল পাইবে, তাত শুনা। এমনে পৰমেশ্বৰক আৰাধন কৰিতে, যেখন তান প্ৰসাদে, দেহত অভিমান এড়ি তোমাৰ বুদ্ধি সবাতে বিৰক্ত হুয়া, ঈশ্বৰত