পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
দ্বাদশ স্বন্ধ।

দক্ষক কোপিয়া সতী তেজিলন্ত প্ৰাণ।
দক্ষৰ যজ্ঞক হৰে কৰিলা নিৰ্য্যাণ॥
ভকত দ্বেষীক কৰিলন্ত বিৰ্ভৎসনা।
হাত দান্ত ভৰি ভাঙ্গি ভৈল কতো কণা॥
স্বপত্নী মাতৃৰ কোপে তপস্যা আচাৰি।
পঞ্চ বৰিষতে ধ্ৰুৱে আৰাধিলা হৰি॥
মহা তুষ্টে বিষ্ণু আসি দিল বৰ দান।
পাইলা ধ্ৰুৱে ব্ৰহ্মাৰো দুৰ্ল্লভ যিতো থান॥
ভৈলা অৱতাৰ তাতে পৃথু নামে ৰজা।
হৰি ভকতিত সবে প্ৰৱৰ্ত্তাইলা প্ৰজা॥
পৃথিবীক দমিয়া দুহিলা সবে ৰস।
জগতকে ব্যাপিলে পৃথুৰ মহা যশ॥
প্ৰাচীন বহিৰ হিত চিন্তিয়া নাৰদ।
কৰ্ম্ম দূৰ কৰি দিলা ভকতি সম্পদ॥
কহিলা ৰাজাত পূৰঞ্জন উপাখ্যান।
নাৰদৰ প্ৰসাদে বৈকুণ্ঠ ভৈল থান॥
শুনিয়ো পঞ্চম স্কন্ধ আত অনন্তৰে।
মিলিল সম্বাদ প্ৰিয়-ব্ৰত নাৰদৰে॥
ভৈলা আসি নাভিত ঋষভ অৱতাৰ।
ভৈলা তাতে ভৰতৰ চৰিত্ৰ প্ৰচাৰ॥
বহুগণ ৰাজাত ভকতি দিলা দান।
উপজিল পৰম বৈৰাগ্য মহাজ্ঞান॥
দণ্ড দুই আলাপনে মায়াৰ পাইল সীমা।
ভকত সঙ্গৰ কিবা কহিবোঁ মহিমা॥
বৰিষ সমুদ্ৰ দ্বীপ পৰ্ব্বত সমান।
সপত পাতাল জ্যোতিশ্চক্ৰৰ সংস্থান॥
বৰ্ণাইলা নৰক সাতো পাতালৰ তলে।
যাত পৰি পাৱে পীড়া পাতকী সকলে॥
নৰৰ যাতনা শুনি পাচে পৰীক্ষিত।
কশিত হৃদয় ভৈলা মহাভয়-ভীত॥