পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২২
অসমীয়া সাহিত্যৰ চানেকি।

কামদেৱ নাম আউৰ এক জন,
 শোভন সৰ্ব্ব কাৰ্য্যত।
দুই হন্তে বড়ুয়া লভিয়া আসিয়া
 গোপালৰ চৰণত॥
দেৱতা গোপালে জ্ঞান উপদেশ,
  কহিলা প্ৰকট কৰি।
মহা ভাগৱত ভৈলা দুয়ো জন,
 গোপালৰ বাক্য ধৰি॥
কৰিলন্ত সখি অনুৰাগ প্ৰীতি,
 অতিৰেক দুইহান্তৰ।
আসন গমন সততে কৰন্ত,
 থানে দেৱ গোপালৰ॥
গোপালৰ মুখে হৰি কথা শুনি,
 থাকা গৈয়া দুয়োজন।
একোত কহিলা দেৱতা গোপালে
 বুলিলা শুনা যেমন॥
এতেবেলি কিয় আছা তোৰা সব,
 নকৰি গৃহ গমন।
গধুলিকা বেলা ভৈল আসি হেৰা
 বুলিলা শুনি বচন॥
হইল বড় ৰঙ্গ পথ আমাসাৰ,
 পাৰিবো বাপ যাইবাক।
গোপালে বোলন্ত তোমাসবে ভাল,
 শুনিল হৰি কথাক॥
হৰি কথা শুনি লৱড়েক দিয়া
 যাইবাক যদি পাৰাহা।
আমাসাৰ ঐত তোৰা সবো কিনো
 হৰি কথা শুনিলাহা॥