পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১২
অসমীয়া সাহিত্যৰ চানেকি।

এতেক বুলিয়া মৌনে ৰহলন্ত,
 হৰিৰূপ দামোদৰ।
সভাসদ সবে মৌনে শুনি আছে,
 পণ্ডিতে নেদে উত্তৰ॥
পাছে নৰনাথ বুলিলা সাক্ষাত,
 শুনিয়ো পণ্ডিত গণ।
দামোদৰে যিবা শ্লোক অৰ্থ কন্ত
 লক্ষণ মাত্ৰ কল্পন॥
স্বৰূপ নহয় লক্ষণ কল্পয়
 উৎকৰ্ষ দেখাৱন্ত।
সেহি বেলা যদু− মণি চক্ৰৱৰ্ত্তী,
 নিৰ্ভয়ে বাক্য বোলন্ত॥
বিদুৰৰ আগে  মৈত্ৰেয়ে কহিছে,
 অন্যথা নহে বচন।
গোবিন্দৰ যশ পৰম নিৰ্ম্মল,
 অনিন্দিত সুশোভন॥
তাহাক শ্ৰৱণ  কীৰ্ত্তন স্মৰণ
  কৰয় যিতো সতত।
নুহিবে কৃতাৰ্থ হেনয় সংশয়
 নাহি নাহি স্বৰূপত॥
শুনি নৰপতি বুলিলা ত্বৰিত
 ইতো কোন মহাজন।
কিবা উদাসীন নুহিবা গৃহস্থ
 থাকয় কোন সদন॥
শুনি সভ্যবৰ্গে  কহয় আনন্দে
 নৃপতি পৰীক্ষিতত।
পাটবাউসীত বড়পেটা ততে,
 থাকন্ত এহে সাক্ষাত॥