পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
একাদশ স্বন্ধ।

সমস্ত ভূতত কৃষ্ণ বুদ্ধি নহে যেৱে।
কায় বাকা মনে অভ্যাসিবা এহি ভাৱে॥
সমস্তে প্ৰাণীক দেখিবাহা মোৰ সম।
উপায় মধ্যত ইতো অতি মুখ্যতম॥
নিগুণ ভকতি ইতো ধৰা মহামানী।
জানা সত্যে ইহাৰ অল্পৰ নাহি হানি॥
যেহেতু সাক্ষাতে কৈলো এতেক তত্বক।
উপদেশ নিদিবাহা দাম্ভিক শঠক॥
এতেকতে দুৰ্জনত নকৈবা উপদেশ।
বৈষ্ণৱ জনক দিবা সদা উপদেশ॥
স্ত্ৰী শূদ্ৰ কৰে যেবে আমাত ভকতি।
তাতো তেবে কেবা ইতো জানা মহামতি॥
জানে যিতো মুখ্যতম ভকতি আমাৰ।
আৰ জানিবক বাকি নথাকিলা তাৰ॥
যিতো জনে অমৃতক পিয়ে সৰ্ব্বদাই।
আৰ তাৰ মধুৰ পিবাক বাকি নাই॥
শুনিয়ো উদ্ধৱ সিতো সাধু বুদ্ধিমন্ত।
পৰম ঈশ্বৰ সিতো মনুষ্য মহন্ত॥
মোকে মাত্ৰ ভজে যিতো ত্যজি ধৰ্ম্ম নিজ।
মিছা কলেৱৰে কৰে মুকুতি বাণিজ॥
জানিলা উদ্ধৱ যেন দিলো উপদেশ।
তোমাৰ কি শোক মোহ গুচিলা নিশেষ॥
যেবে নতু বুঝা কয়া মনে অবগাই।
কহিলো তোমাত তেবে ভকতি দুনাই॥
পৰম ভকত তুমি মোৰ প্ৰিয়তম।
নাহি আন বান্ধৱ উদ্ধৱ তুমি সম॥
আপনাত কৰি মোৰ তোমাতেসে দয়া।
জানা তুমি তৰিলা দুৰ্ঘোৰ মোৰ মায়া।
কৃষ্ণৰ শুনিয়া হেন বচন অমৃত।
প্ৰেম উপজিল ভৈল তনু লোমাঞ্চিত॥