অথিৰ জীৱন জানি সমস্তে উপেক্ষি।
নকৰি বিলম্ব মোক ভজা সখি॥
মন্ত্ৰ তন্ত্ৰ ঔষধ ধাৰণা কৰি বন্ধ।
মৃত্যুকে তৰিবে কৰে অনেক প্ৰবন্ধ॥
তাসম্বাৰ মতক দূৰতে কৰি ত্যাগ।
মোৰ নাম গুণক ধৰিয়ো মহাভাগ॥
এতেকে অল্পতে পাবা মোক মহমানী।
কহিলো স্বৰূপ সখি বেদ তত্ব বাণী॥
আত পাৰে নাহি আৰ যোগ্য সুখ পথ।
মোহৰ সন্মত তুমি ধৰা মহাৰথ॥
কুষ্ণৰ বচন পাছে উদ্ধৱে আকোলি।
পুনৰপি পুছিলন্ত কৰি কৃতাঞ্জলি॥
জ্ঞান যোগ কৰ্ম্ম যোগ পৰম দুৰ্ঘোৰ।
আক আচৰিতে নাহি শকতি লোকৰ॥
ভকতি পৰম পথে তোমাৰ সন্মত।
মোক্ষতম ভকতি কহিয়ো কেন মত॥
তত্ত্বহেন মানি মোক কহিয়ো বুঝাই।
তোমাৰ আমাৰ দেখা দেখি আজি যাই॥
হৃদয়ৰ ঈশ্বৰ তোমত এৰি আশ।
জ্ঞানত কৰ্ম্মত কোনে কৰিবে বিশ্বাস॥
প্ৰিয়তম আত্মা মোক কেনে ত্যজি যায়।
আন দেৱতাক ভজিবেক আখি খায়॥
বাহিৰে ভিতৰে তুমি দিয়া উপদেশ।
ভৃত্যৰ পৰম গুৰু হুয়া হৰা ক্লেশ॥
সুজন নজাই উপকাৰ ণচয়।
যাৱত নজাই নৰ তোমাত বিক্ৰয়॥
ভকতৰ বশ হুয়া ইতো কোন চিত্ৰ।
উপদেশে দিয়া প্ৰভু কৰাহা পৱিত্ৰ॥
হুয়া পুনু ঈশ্বৰৰ পৰম ঈশ্বৰ।
যশোদাৰ বন্ধনক লৈলা দামোদৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
অসমীয়া সাহিত্যৰ চানেকি।