পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪৩
শঙ্কৰ দেৱৰ জীৱন চৰিত্ৰ।

বসিলোঁ আসনে মোত কথা পুছিলন্ত।
কহিলো তোমাৰ মই সকল বৃত্তান্ত॥
হাসিয়া শঙ্কৰে পাছে বুলিলা বচন।
বৃথা দুঃখ পায়ে কৰ্ম্ম কৰিয়া যতন॥

বলি কাটি যিতো অন্য দেৱক পূজয়।
অন্তকালে সেই বলি তাহাকে কাটয়॥
যাতনা ভুঞ্জিয়া মৰে নাহিকে নিস্তাৰ।
নপায়ে ফলকো দুঃখ মাত্ৰ হোৱে সাৰ॥

বিস্তৰ কহিলা আৰু মোহোৰ আগত।
ভয়ে নিকিনিলোঁ ছাগ কৈলোঁ স্বৰূপত॥
শুনিয়া মাধৱ আতি ক্ৰোধত জ্বলিল।
মৰ মৰ পাপী বুলি খঙ্গিয়া উঠিল॥

নামত হোকোৰা তোৰ বুদ্ধি নোহে ভাল।
কড়ি দিলোঁ তবু কিনি নানিলি ছাগল॥
মূখৰ আগত যেন কথা কহ তুই।
ধৰ্ম্ম বুঝাৱস কিছু নজানাহো মই॥

ৰামদাসে বোলন্ত নকৰা ক্ৰোধ মোক।
শঙ্কৰৰ পাশে যাওঁ শিঘ্ৰে চলিয়োক॥
আপোনাক পণ্ডিত মানস বৰগোট।
শঙ্কৰৰ আগত হৈবাহা সোটসোট॥

মাধৱে বোলন্ত বৰ মতে গুৰু আশ।
কালি প্ৰভাততে যাইবো শঙ্কৰৰ পাশ॥
ৰাত্ৰি গোট বঞ্চিলন্ত ৰজনী পোহাইল।
স্নান কৰি দুহান্তো যাইবাক সাজ ভৈল॥

কিছু পাণ তাম্বুলক মাধৱে লৈলন্ত।
কতেক্ষণে শঙ্কৰৰ পাশক পাইলন্ত॥
মনত বোলন্ত নকৰিবো নমস্কাৰ।
প্ৰথমে কৰিবো শাস্ত্ৰ তত্ত্বক বিচাৰ॥