পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
অসমীয়া সাহিত্যৰ চানেকি।

যিতো জনে যায় মাধৱৰ নাম ধৰি।
পাছে পাছে ফুৰে দেৱ দেৱী স্তুতি কৰি॥
মূৰ্ত্তিমন্ত হুয়া পঞ্চ প্ৰকাৰ মুকুতি।
মোক লৈয়ো বাপ বুলি কৰন্ত কাকুতি॥
পাপক সংহৰি হৰি নাম মহা বলী।
যাৰ ধ্বনি শুনি কম্পে পলায় পাপ কলি॥
জগতৰ পৰম সুহৃদ হৰি নাম।
জানি নিৰন্তৰে নৰে বেলা ৰাম ৰাম॥



ছবি।

কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সোধন্ত দুনাই
 শুনা প্ৰভু জগতৰ বাপ।
জানিলো সন্তৰ সঙ্গে তোমাত ভকতি কৰে
 তেবেসে সংসাৰে তৰে তাপ॥
তোমাৰ সন্মত ইতো  কেৱল ভকতি পন্থ
 যেহি মতে লোকে সাধে গতি।
কিন্তু বেদ ফুৰে গাই জ্ঞান বিনে গতি নাই
 আক শুনি ভ্ৰম মোৰ মতি॥
কতো বোলে কৰ্ম্ম কৰা  কতো বোলে পৰিহৰা
 মিলে অতি মনত সংশয়।
তুমি বিনে নাহি আন তুমি শিৱ সৰ্ব্বজান
 বুঝা মোত কহিও নিশ্চয়॥
সংসাৰ গৰ্ত্তত ইটো পৰিল সমস্ত লোক
 তাত দংশিলেক কাল সৰ্পে।
পৰম কপায়ে আবে বাক্য় অমতক সিঞ্চি
 উদ্ধাৰিলা জগতৰ বাপে॥