পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
একাদশ স্বন্ধ।

শুনা নৰ লোক মহন্তৰ শোক
 দেখা দুখ কেন মত।
ধন জন যত জীৱন যৌৱন
 জানা সবে অশাশ্বত॥
পুত্ৰ পৰিবাৰ সবেও অসাৰ
 নাটক টাটক মায়া।
ক্ষণেকে থাকিয়া  ক্ষণেকে অন্তৰে
 সমে মাত্ৰ ঘৰ ছাঁয়া॥
কেতিক্ষণে পৰে ইতো নৰ তনু
 জীৱন জলৰ ৰেখা।
সত্বৰে ভজিয়ো  কৃষ্ণৰ চৰণ
 শৰণ এভু নেদেখা॥
দেৱে তীৰ্থে যাক, ভাবিবে নোৱাৰে
 পাতকতে গৈলা তল।
হৰি নামে পালে তিলেকে উদ্ধাৰে
 দেখা ভকতিৰ বল॥
দুৰাচাৰ যদি হৰি নাম লৱে
 সিও শুদ্ধ হৱে জাতি।
হৰিক শৰণে হৱে এক খানি
 অজ্ঞ যে উত্তম জাতি॥
বিষয়ৰ দোষে বাধিবে নোৱাৰে
 ভকতি পাতক হৰে।
আছোক উত্তম ভকতৰ কথা
 সামান্য ভকত তৰে॥
ভকতিৰ দেখি আশ্চৰ্য্য মহিমা
 ভৈলন্ত কৃষ্ণ বিস্ময়।
হেন জানি সবে হৰিৰ নামত
 তেজিয়ো সবে সংশয়॥