পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

কথা ভাগৱত। যেন আকাশৰ ধূলা উড়াই, তেমনে হোমাত সপ্তাবৰণ সমে কোটি কোটি ব্ৰহ্মাণ্ড একে লগে ফুৰে। এতেকে বেদসব তাৎপৰ্যে তোমত সীমা পড়ে। সাক্ষাতে কহিতে নাপাৰে। যাতে সগুণব গুণৰ অন্ত নাই। নিৰ্ণক মনে বাক্যে নাজানে। এতেকে অত নিবিষণ মুখে তোমত পৰসান হয়। এতেকে আমৰা জয় জয় কৰি তোমাৰ পাদ পদ্ম ভজে।। নাৰায়ণে কোলন্ত জানা নাৰদ এমনে ব্ৰহ্মাৰ পুত্ৰ সৰে বেদ স্তুতি কথা শুনি তিনিয়ো সনন্দন হাচ্চা কৰিলা। এই কথা পুনু নিঃশেষ বেদৰ তাৎপৰ্য ৰহস্য। মহাত্মা মুনিসবে উদ্ধাৰ কৰিছে। তুমি আক শ্ৰদ্ধায়ে ধৰা। শুকে কহন্ত, হেন শুনি নাৰদ কৃতাৰ্থ হুয়ো শ্ৰত অৰ্থক মনত চিন্তিলা। কৃষ্ণৰ অৱতাৰ মানি নাৰায়ণক প্ৰণাম কৰিলা। তন! শিষ্যসবকে নমস্কাৰ কৰি মোব সাক্ষ্যাত পিতৃ ব্যাসৰ ঠাই আসিলা। ব্যাসস! নাৰদক দেখি উঠিয়া সতকাৰ কৰিলা। নাৰদো এই কথা তন্ত কহিলা। মইও তোমাৰ প্ৰশ্নত তাক কহিলোঁ। যি ভগবন্তে জগতৰ সৃষ্টি স্থিতি সংহাৰক তালোচন কৰন্ত, আদি অন্ততো মধ্যতো প্ৰবন্ত, প্ৰকৃতি পুৰুষকে। নিয়মন্ত, বিশ্বকে। ঐজিয়ে প্ৰবেশ হৱন্ত, প্ৰতিপালো কৰন্ত জীৱকে ভোগ কৰান্ত, উপাসক সকলকো মোক্ষ দেন্ত, হেন হৰিক তোৰা সততে ভজা, যাই হন্তে সকল ভয় দূৰ হৱে। যাতে স্বৰূপ থিতিয়ে মায়াক দূৰ কৰিছা। যাৰ পাদপদ্ম সকল দেৱৰ শিৰ ৰত্নত প্ৰকাশ কৰে, যি কৰ্মিক ভোগ দেন্ত, ভক্তকে মোক্ষ দেন্ত, হেন মাধৱক মঞি প্ৰণাম কৰে।। শ্ৰীভাগবতকথায়াং দশম স্কন্ধে সপ্তাশীতিতমোহধ্যায়ঃ। | হে সাধুসব! ই বেদস্তুতি কথা পৰম গহন। তাত মই অল্পমতি, তথাপি দামোদৰব আজ্ঞায়ে টীকা ভাষ্য সমন্বিত কৰি সংক্ষেপে কিছো নিবন্ধিলো। সামান্য হবোধ ভয়ে বিস্তৰ নিলিখিলোঁ। তাক তোৰ আপুনি জানা। এতেকে আত নিন্দা নুবুলি কৃষ্ণকথা বুলি অনুমোদন কৰিবা। যাতে সাধুৰ এহূয় স্বভাব। বিশেষত কৃষ্ণকথা বিনে সংসাৰ তবিতে অন উপায় নাই। এতেকে সাধুসবে একে কথাকে লোক তানুগ্ৰহাৰ্থে নানাৰূপে শ্ৰৱণ কীৰ্ত্তন কৰে। যাতে পুৰুষৰ এই মানে কৰ্তব্য। বাতো শুধু ' হে কৃষ্ণ ভক্তবৎসল ভগৱন্ত! মঞি অধমক দয়া কৰি তোমাৰ কথাৰস দিয়া, * অযু চৰণত শবণ পশিছে।। এতেকে তোমাৰ কপাৰস দিবে লাগে।