পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৮৯ জন্মাদ্যস্য শ্লোকৰ কীৰ্ত্তন। সৃষ্টিৰ পূৰ্বৰ্বত, কটাক্ষ পূৰ্ববকে, | প্ৰকৃতিক আজ্ঞা কৰি। জিলা জগত, | যিটো কৃষ্ণদেৱ, তান পাদ পদ্ম স্মৰি।। বেদেয়ো কহিছে, জগতৰ হেতু, | একেমাত্ৰ কৃষ্ণ স্বামী। মায়া পুনু জড়, চৈতন্যত বিনা, কাহাকো নভজো আমি। যদি বেলা জীৱ, | চৈতন্য হোৱয়, তাঙ্ক কিবা কৰা ধ্যান। যাহৰ প্ৰসাদে, সমস্ত দেহত, ৰহিয়া আছয় প্ৰাণ। ইটো শঙ্কাচয়, কদাচিতে নয়, জীব যাতে পৰাধীন। হুয়া তথাপিতো, | ভোগকৰি ভৈলা ভিন। হৱে যিটোজন, তাহাঙ্ক স্মৰে মনত। কৃপালু নাৰদে, যাহাঁক কহিছ, তাহাঙ্ক মানো সতত। তাকে সে ঈশ্বৰ, শাস্ত্ৰত হয়, | স্বতন্ত্ৰ যিটো হোৱয়। জীৱ সৰ পুনু, গুণৰ অধীন, সংসাৰে সদা ভ্ৰময়। চৈতন্য হোৱন্তে, পৰাধীন জীৱ, মুহিকয় ধ্যান যোগ। অপোন স্বৰূপ, পাসৰি যিহেতু, বিষয়ক কৰে ভোগ। ঈশ্বৰৰ অঙ্গ,