পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
দশম স্কন্ধ।

তৈত মিছা মই, দেখিলোঁ বুলিয়া,
 দুনাই বুড় দিল আসি।
দেখন্ত অনন্ত, সহস্ৰেক শিৰে,
 আছন্ত আতি প্ৰকাশি॥
হাজাৰেক ফণা, মণি ৰত্ন জ্বলে,
 যেন আদিত্যৰ পান্তি।
সহস্ৰেক শিৰে, ৰত্নৰ কিৰীটি,
 হাজাৰেকে কৰে কান্তি॥
বিচিত্ৰ পবিত্ৰ, নীলবস্ত্ৰে শোভে,
 মৃণাল ধৱল কায়।
শৃঙ্গ সমে যেন,  কৈলাস পৰ্ব্বত,
 আছন্ত ফণা উচ্চাই॥
সৰ্পৰ নায়কে, অনেক প্ৰণামে,
 বেঢ়িয়া মাথা দমাই।
পৰম আশ্চৰ্য্য, দেখিয়া অক্ৰূৰে
 চাহন্ত চক্ষু বলাই॥
তাহান কোলাত দেখন্ত কৃষ্ণক,
 তনু নৱ ঘন শ্যাম।
তাতে পীত বস্ত্ৰ, প্ৰকাশন্তে আছে,
 ত্ৰৈলোক্য নাহি উপাম॥
প্ৰসন্ন বদন, অৰুণ নয়ন,
 যেন পঙ্কজৰ পাসি।
অধৰ ৰাতুল, দন্ত কুল কঢ়ি,
 তাতে মনোহৰ হাসি॥
শোভন নাসিকা, নিৰ্ম্মল কপোল,
 প্ৰকাশে অলকা পান্তি।
শিৰত মুকুট, মকৰ কুণ্ডল,
 কৰ্ণে ঝলমল কান্তি॥