পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৩
ভাগৱত।

তোমাৰ আদেশে ইতো ঘোৰ শীত জ্বৰ।
ভৈলোহো তাপিত অতি কাম্পে কলেৱৰ॥
যদি মই সন্তাপী পৰম ক্ৰূৰ জন।
মোৰ তাপ হৈবেক উচিত নাৰায়ণ॥
তথাপি তোমাত মই পশিলো শৰণ।
গুচায়োক তাপ বাও কৰিও ৰক্ষণ॥
তযু পাদ পদ্মক নভজে লোকে যাৱে।
সংসাৰৰ মহাতাপ নেড়াৱয় তাৱে॥
কিন্তু তযু সেৱাত প্ৰৱৰ্ত্তে যাৰ চিত।
তাৰ তাপ পাইবে প্ৰভু নুহিকে উচিত॥
এহিমতে ত্ৰিশিৰা জ্বৰৰ স্তুতি শুনি।
হাসি কৃপাময় হৰি বুলিলন্ত বাণী॥
শুনৰে ত্ৰিশিৰা তোত ভৈলোঁহো সদয়।
মোহোৰ জ্বৰত তোৰ খণ্ডিয়োক ভয়॥
কিন্তু তই মোৰ আজ্ঞা কৰিবি সতত।
ভকতি কৰিয়া যিতো মোৰ চৰণত॥
তোৰ মোক সম্বাদক সদায়ে সুমৰে।
তাৰ তোত ভয় নুহিবেক মোৰ বৰে॥
কৃষ্ণক প্ৰণামি জ্বৰে এহি হৌক বুলি।
কৃষ্ণ আজ্ঞা শিৰে ধৰি বেগে গৈল চলি॥
অনন্তৰে বাণাসুৰে সাজি মহাৰথ।
কৃষ্ণক যুজিতে আসি ভৈল উপগত॥
হাজাৰেক হাতে নানাবিধ অস্ত্ৰচয়।
ক্ৰোধে মাধৱক প্ৰহাৰিল দুৰাশয়॥
চাৰিখান ৰাখি তাক কাটিল নিডলি।
বৃক্ষৰ যেহেন ডাল পড়ে সৰি সৰি॥
বাহু ছেদ ভৈল দেখি ডৰিল শঙ্কৰ।
বোলন্ত ভকত মোৰ যায় যমঘৰ॥
শঙ্কট বেলাত আক ৰাখিবাক লাগে।
এহি বুলি গৈল হৰ মাধৱৰ আগে॥