পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৯
ভাগৱত।

শুন তই জান যেবে হৰলুকি মায়া।
আপোন পৰক কৰিবাক ভিন্ন কায়া॥
তেবেসে অন্তসপুৰ পশিবে পাৰিবি॥
কেহো নমনিবে হৰি কুমাৰ আনিবি॥
হেন শুনি চিত্ৰলেখি কম্পি গৈল মনে।
মাতিলে কাকুতি কৰি কৃষ্ণৰ চৰণে॥
সখীৰ মৰণ জানো ভৈল উপগত।
মই হেৰা মৰো গুৰু তোমাৰ আগত॥
আসিলোসো সত্য কৰি যাইবো কোন লাজে।
এহি বুলি তাই মৰিবাক লাগি সাজে॥
হেন দেখি দয়ালু নাৰদ মুনিবৰ।
বুলিলেক চিত্ৰলেখি নমৰ নমৰ॥
কহো হৰলুকি জীয়োক তোৰ সখী।
মোৰ আশীৰ্ব্বাদত জানিবি চিত্ৰলেখি॥
ভাদ্ৰ মাসত আসি দুভাগ নিশাত।
চন্দ্ৰগ্ৰহণ যেবে মিলে সি বেলাত॥
খঞ্জৰীট পক্ষী তেতিক্ষণে যাইব উড়ি।
তাকে ধৰি বডি তই সাজিবি সুন্দৰী॥
তিলক পিন্ধিবি তই গুৰুক সুমৰি।
নিজ ৰূপ গুচি হৈবি তেখনে ভ্ৰমৰী॥
কুন্দ্ৰাক্ষৰ জালে যাইবি গৃহৰ ভিতৰ।
কুমাৰক ফোট দিবি হৈবেক ভ্ৰমৰ।
পৃষ্ঠভাগে তাঙ্ক লৈয়া গৃহৰ বজায়া।
তিলক মুছিয়া তেবে হৈবি নিজ কায়া॥
মুনিৰ বচনে হেন শুনি চিত্ৰলেখি।
হৰক সুমৰি আৰম্ভিল হৰলুকি॥
তেতিক্ষণে ভৈল ভাদ্ৰ পূৰ্ণিমাৰ শশী।
দোভাগ ৰজনী ৰাহু গ্ৰসিলেক আসি॥
খঞ্জৰীট উড়ি গৈল ধৰিলেক তাই।
সাজিলেক বড়ি ঋষি ৰঙ্গে আছে চাই॥