পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
অসমীয়া সাহিত্যৰ চানেকি।

পিয়াসে আকুল আতি নপান্ত চেতন।
তেবে কৌৰৱক চাই বুলিলা বচন॥
শুনিয়োক বচন কৌৰৱ বীৰগণ।
পিয়াসে শুখাইলা মুখ নপাওঁ চেতন॥
আজুিৰি মাতন্তে মোৰ মুখে নাসে বাণী।
বাপু দুৰ্য্যোধন মোক পিয়ায়োক পানী॥
ভীষ্মৰ বচন শুনি ৰাজা দুৰ্য্যোধন।
সুগন্ধ জলক অনাইলেক তেতিক্ষণ॥
ভক্ষ দিব্য অনাইলন্ত পাৰস মোদক।
হেন দেখি ভীষ্ম ক্ৰোধে বুলিলা ৰাজাক॥
শুন অবোদুৰাচাৰ দুৰ্য্যোধন বায়।
তোহোেৰ জলত তাত মোৰ কাৰ্য্য নাই॥
শৰৰ শয্যাত মই শয়ন কৰিলোঁ।
মনুষ্যৰ ভোগ্য মানে সকলে তেজিলোঁ॥
আৰু এক বচন শুনিয়ো বীৰগণ।
অৰ্জ্জুনক দেখিবাক মোৰ বৰ মন॥
ছোট হন্তে তুলিলোহোঁ বৰ হাভিলাষে।
কোথা গৈলা অৰ্জ্জুন আসোক মোৰ পাশে ॥
হেন শুনি ধনঞ্জয় উঠি্লা তেখনে।
প্ৰদক্ষিণে গাঙ্গেয়ৰ নমিলা চৰণে॥
কৰঘোড়ে কহন্ত মনত নিৰুশ্বাস।
কি কাৰ্য্য কৰিবো আজ্ঞা কৰাঁ পিতামহ॥
ভীষ্ম বুলিলন্ত শুনিয়োক ধনঞ্জয়।
দেখা মোৰ শৰীৰক পিয়াসে পীড়য়॥
বংশধৰ নাতি তই জলপিণ্ড আশ।
যাৰ গৃহে পুনৰ্জন্ম কৰিবন্ত বাস॥
মুখ কণ্ঠমানে মোৰ সকলে শুখাইল।
ধনঞ্জয় বাপু মোক পিয়ায়োক জল॥
হেন শুনি ধনঞ্জয় গাণ্ডীৱক ধৰি।
ৰথত চৰিলা বীৰে একডেৱ কৰি॥