কৃষ্ণ দৰশন জানো হুইবে অধমৰ মোৰ
হৃদয় উল্লাসে আতি কৰে।
ইটো কাল নদী মাজে ভাসি যায় যত জীৱ
তাৰো মাজে মাজে কতো তৰে॥
এতেকে জানিলো মোৰ মঙ্গল নষ্ট গৈল
হুইব আজি জন্মৰ সাফল।
আজি এই মাথে মই কৰিবো প্ৰণাম পড়ি
মাধৱৰ চৰণ কমল॥
কংসে কিনো কৃপা মোক কৰিলেক পঠাই আজি
দেখিবোহোঁ কৃষ্ণৰ চৰণ।
যাৰ নখ কান্তি স্মৰি সংসাৰক গৈল তৰি
অম্বৰীষ আদি ৰাজাগণ॥
যিটো পদ পঙ্কজক পূজে ব্ৰহ্মা মহাদেৱ
লক্ষ্মীয়ো অৰ্চ্চন্ত প্ৰতিনিত।
সংসাৰত সাৰ জানি ভকতে সততে সেৱে
লক্ষ্মী-কুচ-কুঙ্কুমে ৰঞ্জিত॥
সংসাৰৰ তাপহাৰী মহাশ্বেত ছত্ৰ প্ৰায়
সুখসেব্য পৰম কামদ।
তীৰ্থৰো উদ্ভৱ থান দেখিবোহো বিদ্যমান
গোবিন্দৰ হেন দুই পদ॥
হেৰ মৃগগণ মোক প্ৰদক্ষিণ কৰি ফুৰে
পাইলো বড় যাত্ৰাৰ মঙ্গল।
নিশ্চয় দেখিবো মই মুখ মুকুন্দৰ যাঁত
জ্বলে নেত্ৰ পঙ্কজ-যুগল॥
সুনাসিকা সুকপোল অলকে আবৰি ৰঞ্জে
মনোহৰ ঈষত হসিত।
সাক্ষাতে দেখিয়া মুখ চক্ষুক সাফলি মই
আজি হুইবো মহা কৃতকৃত্য॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৩০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
অসমীয়া সাহিত্যৰ চানেকি।