পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
দশম স্কন্ধ।

শুনিয়োক বুধজন   হুয়ো সাৱধান মন
  কৰজোড়ে বোলো স্তুতিবাক।
যেবে টীকা ভাষ্য চাই   দেখা ইটো কথা নাই
 নিন্দা তেবে কৰিবা আমাক।
যিবা কিছু বঢ়া দেখা   ইটো অপৰাধ এড়া
 ব্যাসো দেন্ত কথাত ৰঞ্জন।
আনে মহা কবিয়ে   কাব্যৰস নিবন্ধয়
 তাক নিন্দে কোন সাধুজন?॥



 অক্ৰুৰৰ গোকুললৈ যাবলৈ উদ্যোগ।
শুক নিগদতি ৰাজা   শুনা কথা আতপৰে
  কৃষ্ণত ভকত তুমি আতি।
কংসৰ পাঞ্চনি পাই   অক্ৰুৰো নিদ্ৰা নাই
 মথুৰাতে বঞ্চি সিটো ৰাতি॥
প্ৰভাততে চড়ি ৰথ   ধৰিলা ব্ৰজৰ পথ
 হৰি স্মৰি কৰন্ত হৰিষ।
উপজিল প্ৰেম ভাৱ সিহৰিল সৰ্ব্বগাৱ
 যান্ত মন কৰি বিমৰিষ॥
আচৰিলোঁ কিনো তপ জপ যজ্ঞ ব্ৰত দান
 দিলো কিবা বিশিষ্ট বিপ্ৰক।
কোননো পুণ্যৰ ফলে  আজি গৈয়া অবিকলে
 সঞি চক্ষু দেখিবো কৃষ্ণক॥
কৃষ্ণ দৰশন দেখো দুৰ্লভ পৰম মোৰ
 বিষয়ত আছে অহঙ্কাৰ।
শূদ্ৰাত জনম যাৰ বেদ উচ্চাৰণে তাৰ
 নাহি যেন একো অধিকাৰ॥