পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৮৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮০
অসমীয়া সাহিত্যৰ চানেকি।

পূৰ্ব্বত বৰুণে,  কৰিলন্ত যেন,
 মহাযজ্ঞ বিপৰীত।
পাণ্ডব ৰাজাৰ, যজ্ঞৰ সম্ভাৰ,
 তাহাতো কৰি অধিক॥
ঋত্বিজ সকলে,  বিধিৰ নিয়মে,
 হোম কুণ্ড নিৰ্ম্মিলন্ত।
যজ্ঞৰ বহ্ণিত, অনেক সহস্ৰ,
 হোম দান কৰিলন্ত॥
বিষ্ণুক সুমৰি, মূল মন্ত্ৰ স্মৰি,
 অনেক দ্বিজ সকল।
সমজ্যাক ছনি, কৰে বেদধ্বনি,
 পঢ়ন্ত তুতি মঙ্গল॥
মৃদঙ্গ মুৰুজ,  গোমুখ তৰল,
 শিঙ্গা শঙ্খ ঢাক ঢোল।
তাল কৰতাল, মহুৰি কাহাল
 দুন্দুভি শবদ বোল॥
অনেক সহস্ৰ, শবদৰ ধ্বনি,
 লঙ্ঘয় স্বৰ্গৰ কোল।
কৰ্ণে হানে তাল,  থিতাতে কাহাৰো,
 নুশুনিয় মাত বোল॥
বাৱে বিদ্যাধৰে, গন্ধৰ্ব্বে বাৱয়,
 অপেস্বৰা কৰে নাট।
বংশ প্ৰশংসিয়া, চপয় পঢ়য়,
 অনেক সহস্ৰ ভাট॥
লক্ষেক নৃপতি, সবে অবহিতি,
 কৰয় যজ্ঞৰ কৰ্ম্ম।
ত্ৰৈলোক্যৰ লোকে,  কৰয় প্ৰশংসা;
 পাণ্ডবৰ দেখি ধৰ্ম্ম॥