পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৭
ভক্তিৰত্নাৱলী।

এতেকে সে স্ত্ৰী শূদ্ৰ আদি ভক্তচয়।
নকৰন্ত কতো হন্তে অনুমাত্ৰ ভয়॥
ভকতিৰ প্ৰসাদত মিলে মহাভাগ।
নাহি তাৰা সবৰো কাহাতো অনুৰাগ॥
ভকতিৰ সধ্য জ্ঞান বৈৰাগ্যৰ বোলে।
নাহি কিছু সব মিছা দেখন্ত সকলে॥
বুলিবা ভক্তিত যেবে গুচে সবে ভয়।
কি হেতু কৃষ্ণক তেবে সবে নভজয়॥
শুনিয়ো ইহাৰ কহে উত্তৰ সম্প্ৰতি।
পৰম বিষয়ী যত লোক গৃহবৰ্ত্তী॥
ইন্দ্ৰিয়ৰ সুখে যাৰ সদা আসকতি।
কদাচিতো কৃষ্ণত নোপজে তাৰ মতি॥
গুৰু উপদেশত বা আপোনত হন্তে।
নাপাইবেক বোধ অন্যো অন্যা বিচাৰন্তে॥
নাহি ইন্দ্ৰিয়ৰ উপৰতি বিষয়ত।
চোবোৱাকে চোবাই ফুৰে ঘোৰ সংসাৰত॥
হোৱে গন্ধ ভাৰ্য্যা পুত্ৰ ধনৰ আক্ৰোশে।
নভজে কৃষ্ণক বিষয়ৰ সঙ্গদোষে॥
বুলিবা পৰমানন্দ কৃষ্ণৰ মূৰতি।
নভজে তাহাৰা সবে কমন যুগুতি॥
শুনিয়োক স্থিৰ চিত্তে ইহাৰ নিৰ্ণয়।
অজ্ঞানত থাকিয়া কৃষ্ণক নভজয়॥
কৃষ্ণেসে ভৈলন্ত মাত্ৰ যাৰ প্ৰয়োজন।
তাৰেসে কেৱলে প্ৰাপ্য প্ৰভু নাৰায়ণ॥
বিষয় বাসনা বন্ধ যাহাৰ হৃদয়।
নজানে বিষ্ণুক জানা সিটো দুৰাশয়॥
বুলিবা জানিবে সিটো গুৰু উপদেশ।
ইহাৰ উত্তৰ যেন শুনিয়ো নিঃশেষ॥
আপুনি বিষয়ী বিষয়ীক গুৰু মানে।
তাৰ উপদেশে সিটো বিষ্ণুক নজানে॥