পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
ভক্তি ৰত্নাৱলী।

কহিলোঁহো ভকতিৰ উত্তম লক্ষণ।
মুকুতিৰ অৰ্থে ভিন্ন নলাগে যতন॥
মিলিবে মুকুতি ভকতিৰ প্ৰসাদত।
লিঙ্গ দেহ দহিবে অজ্ঞান প্ৰথমত॥
যেন প্ৰাণী অন্ন পান ভুঞ্জে যত যত।
উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত॥
ভকতিও সেহি মতে লিঙ্গ জীৰ্ণ কৰে।
বিনা যত্নে জীৱন্তে মুকুতি পাৱে নৰে॥
জানি ধৰা ভকতি ত্যজিয়া আন কাম।
নিৰন্তৰে নবে ডাকি বোলা ৰাম ৰাম॥

দোলড়ী।

কপিল বদতি  শুনা দেবহুতি
 মাতৃ কৰি স্থিৰ চিত্ত।
কহিলোঁহো নিষ্ঠ  ভকতি গৰিষ্ঠ
 লক্ষণ কৰো বিদিত॥
আমাৰ একান্ত  ভকত সকলে
 দেখে সমস্তকে মিছা।
ভকতি বিৰোধি  জানিয়া সাযুজ্য
 মোক্ষকো নকৰে ইচ্ছা॥
একে মোতে মাত্ৰ  কায় বাক্য মনে
 ৰতি কৰে নিৰন্তৰে।
এড়িয়া কামনা  কৰয় অৰ্পণা
 যত কিছু চেষ্টা কৰে॥
বিৰল ভকত  জনৰ শুনিয়ো
 যেন মুখ্য প্ৰয়োজন।
অন্যো অন্যে এক  প্ৰাণ হৈয়া কৰে
 মোৰ যশ সভাজন॥