পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫০
অসমীয়া সাহিত্যৰ চানেকি।

ভাগৱত নামে এক অমৃত সাগৰ।
আছে হেন কথা শুনো মুখত লোকৰ॥
গুৰু মুখে শাস্ত্ৰ পাছে আপুনি পঢ়িলো।
ভাগৱত অমৃত সাগৰে বুৰ দিলো॥
কৃষ্ণৰ কৰুণা দিব্য পৰম আসন।
কৰিলে নিৰ্ম্মল মোৰ হৃদয় লোচন॥
দেখিলোহা কৃষ্ণৰ ভজন ৰত্ন পাছে।
ভাগৱত অমৃত পয়োধ মাঝে আছে॥
পৰম অমুল্য ইটো হৰি ভক্তি ৰত্ন।
আক উদ্ধাৰিতে মোৰ ভৈল মহাযত্ন॥
হৃদিগত কৃষ্ণৰ আদেশ অনুসৰি।
বৈষ্ণৱৰ প্ৰীতি অৰ্থে আনিলো উদ্ধাৰি॥
যিটো কণ্ঠে পিন্ধি ৰত্ন পৰম উজ্জ্বল।
কৰে সালঙ্কত তাৰ পুৰুষ সকল॥
থাকে মাত্ৰ ৰত্নাৱলী যদি বা গৃহত।
অজ্ঞান আন্ধাৰ তাৰ ওচয় সমস্ত॥
যিটো পঢ়ে শুনে আৰু বিচাৰে সৰ্ব্বথা।
তাৰ হিত সাধিবেক ইটো কোন কথা॥
জানি ভক্তি ৰত্নাৱলী মহা গুণৱতী।
কৰিয়োক শ্ৰদ্ধা অতি সুকৃতি সম্প্ৰতি॥
শ্ৰৱণতে প্ৰেম ওপজাৱে কৃষ্ণ পাৱে।
পূৰে যত মনোৰথ যেই যিবা চাৱে॥
ভাগৱতে আছে হেন বুলিলা বচন।
তোমাৰ কৃতত যত্ন কিবা প্ৰয়োজন॥
ইহাৰ উত্তৰ সাৱধানে শুনিয়োক।
পৰম বিষয়ী কৰ্ম্ম জড় যত লোক॥
লাগিবে আলাস বহু কথা শুনি তাব।
এত কথা শুনিবে শকতি আছে কাৰ॥
নাহিকে আলাস যাৰ শ্ৰদ্ধা শুনিবাক।
লাগে তাৰো অৱশ্যে কুটুম্ব পুষিবাক॥