পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
অসমীয়া সাহিত্যৰ চানেকি।

অগনিত পৰে আন যতেক উপাই।
সুবৰ্ণৰ মল যেন গুচান নযাই॥
সেহি মতে হৰিনাম কীৰ্ত্তনত পৰ।
আন ধৰ্ম্মে চিত্ত শুদ্ধি নুহি মনুষ্যৰ॥
এতেকে সে হৰিনাম ধৰ্ম্মত প্ৰধান।
জগততে নাহি ধৰ্ম্ম নামৰ সমান॥
হৰি নাম কীৰ্ত্তনে সে ধৰ্ম্ম ভৈলা যাব।
এড়াইলেক সিজনে যমৰো অধিকাৰ॥
যমৰ বচনে আৰ প্ৰমাণ লৈয়োক।
বোলন্ত শুনিয়ো মোৰ যত দূত লোক॥
যিতো মহাজন ভৈল মাধৱৰ দাস।
কদাচিতো তাসম্বাৰ নচাপিবি পাশ॥
মাধৱব দাসৰ লক্ষণ যেন মত।
কহো স্পষ্ট কৰি শুনা সবাৰে আগত॥
হে বিষ্ণু বাসুদেৱ কমল লোচন।
অচ্যুত ধৰণী ধৰ সত্য সনাতন।
শঙ্খ চক্ৰ গদা পাণি প্ৰভূ নাৰায়ণ।
হে কৃষ্ণ তুমি মোৰ হুয়োক শৰণ॥
এহি মতে হৰি নাম যিজনে সুমৰে।
নাহিকে নিস্পাপ আৰ সিজনত পৰে॥
হে দূতগণ মোৰ বাক্য মনে ধৰি।
তাসম্বাক ফিৰি বিদূৰতে পৰিহৰি॥
এহি মানে সংহৰিয়া যমৰ বচন।
কৃষ্ণতেসে যিজনৰ নিমজিল মন॥
কদাচিতো নৰকে নযাইবে সিতো নৰ।
স্বৰ্গো মহা বিঘিনি নিবাৰে সিজনৰ॥
কৃষ্ণতেসে চিত্ত জানা মজিল যাহাৰ।
ব্ৰহ্মাৰো উত্তম পদ অতি অল্প তাৰ॥
কৃষ্ণকেসে চিত্তত ধৰিয়া নিৰন্তৰে।
এক চিত্তে কৃষ্ণত ভাৱনা মাত্ৰ কৰে॥