পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৪
অসমীয়া সাহিত্যৰ চানেকি।

ভক্তি ভাৱে যিতো নৰে মাধৱক স্মৰে।
তাহাৰ মহিমা কহিবেক কোন নৰে।
পৰম পবিত্ৰকাৰী মাধৱৰ নাম।
যিতো নৰে কীৰ্ত্তন কৰয় অবিশ্ৰাম॥
জ্ঞান শূন্য জনো ক্ৰোধ কৰিয়া কৃষক।
অহৰ্নিশে উচ্চৰয় কৃষ্ণ নামক॥
তথাপিতো সমস্তে দোষক পৰিহৰি।
দুৰ্লভ মুকুতি পাৱে সংসাৰক তৰি।
তাক অদভুত হেন নলৈবা মনত।
শুনিয়োক ইহাৰ দৃষ্টান্ত যেন মত॥
বীৰ শিশুপালে মাধৱক দ্বেষ কৰি।
অহৰ্নিশে থাকে সিতো কৃষ্ণক সুমৰি॥
সুমৰন্তে সুমৰন্তে তমোময় ভৈলা।
কৃষ্ণৰ হাতত পৰি বৈকুণ্ঠক গৈলা॥
শুনিয়োক আৰু সেই ব্ৰহ্ম পুৰাণত।
কৃষ্ণৰ মহিমা পড়ে স্তুতি প্ৰস্তাৱত॥
জলে মগ্ন হুয়া পিতৃগণ নিৰন্তৰে।
এক চিত্ত মনে মাধৱক স্তুতি কৰে॥
হে প্ৰভু নাৰায়ণ জগত নিবাস।
আপোনাৰ উক্তে বিশ্ব কৰিলা প্ৰকাশ॥
তোমাৰ প্ৰসাদে হৌক আমাৰ উদয়।
জলে মগ্ন হুয়া আমি আছো কৃপাময়॥
আমাক উদ্ধাৰ আসি কৰা কৃষ্ণ বাপ।
কৰোহো কীৰ্ত্তন প্ৰভু মিৰ্ম্মল প্ৰতাপ।
ঘোৰ দৰশনে নিদাৰুণ নিশাচৰে।
মহাভয় আসি অমাসাক পীড়া কৰে॥
তুমি বিনে নেদেখো শৰণ্য আন জন।
ত্ৰাস হুয়া লৈলোঁ আমি তোমাত শৰণ॥
বৰাহ স্বৰূপে তুমি হুয়া অৱতাৰ।
কৰিলাহা যেন মতে পৃথিবী উদ্ধাৰ॥