পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
অসমীয়া সাহিত্যৰ চানেকি।

ৰাম কৃষ্ণ হৰি নাম   সৰ্ব্ব ধৰ্ম্ম অনুপাম
 সকল নিগমে তত্ত্ব সাৰ।
 যাত পৰে ধৰ্ম্ম নাহি আৰ।
হেন নাম নুসুমৰি কমন ভবসা কৰি
 বৈয়া আছা ভৱ তৰিবাৰ॥

বিষ্ণু পাদোদকী গঙ্গা  মহেশে সহিতে ইতো
 জগতকে পবিত্ৰ কৰয়।
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইতো
 শবদৰ স্বৰূপ আছয়॥

পুণ্য অৰণ্যৰ মাজে মাধৱৰ নাম সিংহ
 প্ৰকাশ কৰয় অতি বড়ে।
যাৰ ধ্বনি শুনি ভয়ে মহা পাপ হস্তীচয়
 পলায় অতি ত্ৰাসতে লৱড়ে॥

আপুনি আপোন বন্ধু আপুনি আপোন শত্ৰ
 আপুনি আপোন ৰাখে মাৰে।
হৰিক নভজি নৰ আপুনি হৱয় নষ্ট
 হৰি ভজি আপোনাক তাৰে॥

দুৰ্ল্লভ মনুষ্য জন্ম লভিয়া পশুৰ যোগ্য
 বিষয়ৰ আশা পৰিহৰা।
সন্তৰ সঙ্গত বসি সুখে হৰি গুণ গায়া
 সন্তোষ অমৃত পান কৰা॥

হৰিনাম কীৰ্ত্তনত নাহি কাল দেশ পাত্ৰ
 নিয়ম সংযম একো বিধি।
হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম
 কীৰ্ত্তন কৰন্তে হোৱে সিদ্ধি॥