পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২১
নামঘোষা

ব্ৰহ্মা আদি দেৱগণে নিশ্চল সম্পত্তি মনে
 লক্ষ্মীক সেৱন্ত তপ কৰি।
লক্ষ্মীয়ো সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু
 আনি কোন দেৱ তাঙ্ক সবি॥

সমস্ত বেদান্ত সাৰ শ্ৰীভাগৱত শাস্ত্ৰ
 ইহাব অমৃত ৰস পাই।
পৰম সন্তোষে পান কৰিলে যি যনে তাৰ
 অন্যত্ৰ ৰসত ইচ্ছা নাই॥

মহাভাগৱত ৰস মাধৱৰ নাম যশ
 আক পান কৰিলে যি জনে।
কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদিৰসে
 ৰতি আন নকৰয় মনে॥

কৃষ্ণ নামক সদা কীৰ্ত্তন কৰয় যিতো
 মনে দৃঢ় কৰিয়া নিশ্চয়।
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
 কদাচিতো কলি নবাধয়॥

চণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
 নাহি নাম গুণ বিনে আন।
সেহি সে কাৰণে হৰি  নিজ যশ প্ৰিয় ভৈল
 ভগৱন্ত ভকতৰ প্ৰাণ॥

যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি
 হৃদয়ত আছন্ত প্ৰকাশি।
তাতেসে ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন
 প্ৰৱৰ্ত্তে যতেক জড়ৰাশি॥