পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
অসমীয়া সাহিত্যৰ চানেকি।

সেহিসে সকল শাস্ত্ৰ  পঢ়িলে শুনিলে সি সি
 অনুষ্ঠান সকলে কৰিল।
নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমুখ ভৈল
 আশাক যি জনে পিঠি দিল॥

অপৱিত্ৰ যিতো অতি পৱিত্ৰ হৱেবা যদি
 সমস্ত অৱস্থা আছে পায়া।
কমল-লোচন যিতো সুমৰে তাৰেসে শুদ্ধ
 বাহিৰে ভিতৰে হোৱে কায়া॥

সেহিসে চতুব যিতো পুণ্যৰ নিদান ভূত
 নাৰায়ণ নামক সুমৰে।
অচতুৰ সিতো অতি পাপৰ নিদান ভূত
 নামে অৰ্থ বাদ যিতো কৰে॥

মহেশে বোলন্ত মোৰ ৰকাৰাদি নাম শুনি
 পৰম প্ৰসন্ন হোৱে মন।
শুনিয়ো পাৰ্ব্বতি মোৰ মনত শঙ্কৰো ৰঙ্গে
 ৰাম বুলিবেক ইতোজন॥

কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি
 দুৰ্ব্বাসনা হৰে সমস্তয়।
জল জতেক মল যেহেন শৰত কালে
 স্বভাৱত নিৰ্ম্মল কৰয়॥

হুয়া দেৱ দিগম্বৰ ভস্মে বিভূষিত অঙ্গ
 শিৰত ধৰিয়া জটাভাৰ।
মহেশে সেৱন্ত যাক হেন হৰি বিনে আন
 কোন শ্ৰেষ্ঠ দেৱ আছে আৰ॥