পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
ৰামায়ণ আদিকাণ্ড


কৰিলাহা তুমি সিতো ধৰ্ম্ম বিপৰ্য্যয়।
বিচাবত দণ্ডিবাক তোমাক লাগয়॥
ভাঙ্গিলোহোঁ‌ ধনু আমি গুৰুৰ তোমাৰ।
ক্ষত্ৰিয়ৰ ধৰ্ম্ম ইতো উচিত আমাৰ॥

কোন দোষে কৰোঁ‌ তুমি আমাক বিৰোধ।
ঋষিৰ তোমাৰ কেনে এত মান ক্ৰোধ॥
জ্ঞান শূন্য হুয়া অধৰ্ম্মত প্ৰৱৰ্ত্তিলা।
ভাল ভৈল আসি মোৰ আগত মিলালা॥

কৰো আজি তোমাক উচিত প্ৰায়শ্চিত্ত।
যেন আনক্ষণ অধৰ্ম্মত নেদা চিত্ত॥
ধৰ্ম্ম হীন হুয়া দৰ্প কৰা মোৰ আগে।
অৱশ্য তোমাক দণ্ড দিবে মোৰ লাগে॥

ভাঙ্গো আজি সকলে তোমাৰ মিছা টোল।
বুজ কেন মত শিশু ছৱালৰ বল॥
তুমি কেন মত বীৰ পৰীক্ষাক চাওঁ।
নাহি যেবে বোলা ক্ষমা কৰিয়া পঠাওঁ॥

যদ্যপি আমাৰ মুনি নুহি ক্ষমা ধৰ্ম্ম।
বৃদ্ধ দেখি তোমাক লাগয় মোৰ মৰ্ম্ম॥
যায়োক গৃহক গুৰু দিলোহো বিদায়।
তথাপিতো যদ্যপি তোমাৰ ক্ষমা নাই॥

মোৰ দোষ নাহি তেবে কহো স্বৰূপত।
কৰো চূৰ সকলে তোমাৰ গৰ্ব্ব যত॥
তোমাৰ ধনুৰ বৰ বখানা মহত্ত্ব।
বল বুজি চাওঁ ধনুখান কেন মত॥

ইহাত লগাইলে গুণ ভঙ্গ যদি মানা।
লগাইবোহোঁ গুণ ধনু মোক দিয়া আনা॥
তোমাৰ ধনুত গুণ পাৰো যেবে দিতে।
জানিবোঁ‌ ৰনত তেৰে তোমাক ইঙ্গিতে॥