পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/২১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
অসমীয়া সাহিত্যৰ চানেকি।

ত্ৰিজগত লোকে জানে মোৰ বিক্ৰমক।
ক্ষত্ৰিয়ৰ নামে মই সাক্ষাতে অন্তক॥
নপাৰো জিনিবে যেবে তোমাক ৰণত।
নিষ্ফল জীৱন মোৰ ইতো সংসাৰত॥

জনকৰ ঘৰে ভাঙ্গি পচা ধনু খান।
তাতে বোলা নাহি মোত মুনিহ সমান॥
মই চূৰ কৰিবো তোমাৰ গৰ্ব্ব যত।
পৰিলা চেঙেলি আজি বুঢ়াৰ হাতত॥

বহি আছা বৃক্ষ যেন নদীৰ তীৰত।
অলপতে পৰে শিপা নাহিকে তলত॥
হোৱাঁ যদি ৰাম তুমি বীৰ অদভূত।
লগয়োক গুণ দেখোঁ আমাৰ ধনুত॥

তেবে সে মুনিহ বুলি জানোহোঁ সাক্ষাত।
আনা যুদ্ধে ভঙ্গ মই মানিবো তোমাত॥
তাক দেখি ৰাম চন্দ্ৰে লাগিলা হাসিত।
ধনু দেখি দশৰথ ভৈলা ভয় ভীত॥

প্ৰসন্ন বদনে ৰামে বুলিলা বচন।
শুনিয়োক ঋষি জমদগ্নিৰ নন্দন॥
ঋষি ধৰ্ম্ম অনুসাৰি আছা মহাভাগ।
আমাত তোমাৰ কেনে এত মান ৰাগ॥

ক্ষমা সে উচিত ধৰ্ম্ম হোৱয় তোমাৰ।
কিসক কৰিলা তুমি তাক পৰিহাৰ॥
ধৰ্ম্ম এৰি অধৰ্ম্ম কৰয় যিতো নৰ।
তক দণ্ড কৰিবে লাগয় ক্ষত্ৰিয়ৰ॥

ব্ৰাহ্মণত জন্ম ধৰ্ম্ম ধৰিছা ঋষিৰ।
তাক এৰি ধৰ্ম্ম কেনে আচৰা ক্ষত্ৰিৰ।
শম দম দান দায়া ক্ষমা তযু ধৰ্ম্ম।
ক্ৰোধ অহঙ্কাৰ আদি ক্ষত্ৰিয়ৰ কৰ্ম্ম॥