পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২
অসমীয়া সাহিত্যৰ চানেকি।
ৱ—ই বোলে   অমৃত তো স্বাদযুক্ত আতি।
শ—ই বোলে সাধু সব পিয়া কৰ্ণ পাতি॥
ষ—ই বোলে সনক সুনন্দ সিদ্ধ মুনি।
স—ই বোলে সিসবো নতৰে হৰি বিনি।
হ—ই বোলে হৰিনাম ডাকি লৈয়ো নৰ।
ক্ষ—ই বোলে ক্ষয়ঙ্কাৰ কৰা পাতেকৰ॥


অঙ্কীয়া নাট।

পাৰিজাত হৰণ।

শ্ৰীকৃষ্ণায় নমঃ।

সূত্ৰধাৰী।

 নমঃ কৃষ্ণ বিষ্ণো-ব্যক্তপৰানন্তশক্তে
নমো ৰাম ৰাজীবনেত্ৰ প্ৰভো মে
নমো ব্ৰহ্মমূৰ্ত্তে মুবাৰে পৰেশ
নমো বিশ্ববাস প্ৰসীদ প্ৰসীদ।
 অপিচ
খগেন্দ্ৰং সমাৰুহ্য নিৰ্জ্জিত্য শক্ৰম্
মুদা লীলয়া দেবকীগৰ্ভজাতঃ।
প্ৰিয়ঃ পাৰিজাতং জহাৰ প্ৰিয়াৰ্থং
পৰেশায় কৃষ্ণায় তস্মৈ নমস্তে॥

 পহিলহি শ্ৰীকৃষ্ণক প্ৰণাম কয় কহো। সভাসদ লোকক সম্বুধি বোল।

 ভো ভো সামাজিকা ঈশকৃষ্ণস্য জগতঃ পতে পাৰিজাতহৰণযাত্ৰাং সম্প্ৰতি পশ্যত।

জয় জয় কৃষ্ণ দেব-অংশ লীলা-নাশিত কংশ সবংশ।
জাকেৰি চৰিত্ৰ ভকত অৱতংশ॥
কমলা কেলী-কমল কল হংস।
তনু ইন্দিবৰ-শ্যামল চোৰি।
তথি পৰকাশিত পীত পিচোৰি।