পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৯
বড় গীত।

পলাইতে নেদেখে সন্ধি  দিনে দিনে দৃঢ় বন্দী
 ভৈলোঁ মন্দ মনৰ যুগুতি।
তুৱা হৰি লাগো গোড়   মোৰ মায়াপাশ ছোড়
 শঙ্কৰ কৰয় কাকুতি॥

ৰাগ—কেদাৰ।

পাৱে পড়ি হৰি কৰহোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ।
বিষয় বিষধৰ বিষে জৰজৰ জীৱন নাৰহে থোৰ॥ ধ্ৰুং॥

অথিৰ ধন জন  জীৱন যৌৱন
 অথিৰ এহু সংসাৰ।
পুত্ৰ পৰিবাৰ সবহি অসাৰ
 কৰবো কাহেৰি সাৰ॥
কমলদল জল চিত্ত চঞ্চল
 থিৰ নোহে তিল এক।
নহি ভয়ো ভৱ ভোগে হৰি হৰি
 পৰম্পদ পৰতেক॥
কহতু শঙ্কৰ  এ দুখ সাগৰ
 পাৰ কৰু হৃষীকেশ।
তুহু গতি মতি।  দেহু শ্ৰীপতি
 তত্ত্ব পন্থ উপদেশ।

ৰাগ—তুৰবসন্ত।

কহৰে উদ্ধৱ কহ প্ৰাণেৰ বান্ধৱ হে প্ৰাণ কৃষ্ণ কবে আৱে।
পুছয়ো গোপী প্ৰেম আকুল ভাৱে, নাহি চেতন গাৱে॥ ধ্ৰুং॥

বাছুৰি ধ্বনি শুনি গোবৎস পেখি।
লাগে আগি গাৱে উদ্ধৱ সখি॥
কালিন্দী দেখি সখি! ফুটয় বুক।
এথায়ে খোলাইছিলোঁ সে চান্দ মুখ॥