পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৮১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৫
বড় গীত।

কিনো ভেলি ভাগ্য তেহৰি।
তুহোঁ নব তৰুণী কুমাৰী॥
বিধি মিলাৱত আনি।
তেৰি মনোৰথ জানি।

অব সব পূৰব আশ।
বিৰহ দুখ গেল নাশ।
পাৱব স্বামীক কোল।
কৰ নৰ হৰি হৰি ৰোল॥


বড় গীত।

ৰাগ—আশেৱাৰী।

জয় জয় যাদৱ,  জলনিধিজা-ধৱ ধাতা,
 শ্ৰুত মাত্ৰা-খিলত্ৰাতা।
স্মৰণ কৰয় সিদ্ধি,   দীন দয়ানিধি,
  ভকত মুকুতি পদ দাতা॥ ধ্ৰুং॥
জগজন জীৱন,   অজন জনাৰ্দন
  দনুজ দমনী দুখহাৰী।
মহদানন্দ   কন্দ পৰমানন্দ
  নন্দ নন্দন বনচাৰী।
বিবিধ বিহাৰ   বিশাৰদ শাৰদ
  ইন্দু নিন্দি পৰকাশি।
শেষশিৱ শয়ন   কেশী-বিনাশন
  পীত বসন অবিনাশী।
জগত বন্ধু বিধু   মাধৱ মধুৰিপু
  মধুৰ মূৰুতি মুৰনাশী।
কেশৱ চৰণ   সৰোৰুহ কিঙ্কৰ
  শঙ্কৰ এমু অভিলাষী।