পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন।১১

মায়াক আৰাধি সাধন্ত বৰ।
সত্বৰে আসন্তোক দামোদৰ॥
পঢ়ি স্তুতি স্তোত্ৰ কৰে মঙ্গল।
সিতো আশীৰ্ব্বাদ ভৈল সফল॥
ভাৰ্য্যায়ে সহিতে আসিলা হৰি।
গ্ৰীৱাত স্যমন্তক মণি ধৰি॥
দেখন্ত সবে আইলা যদুৰাই।
মৰি উপজিল যেন দুনাই॥
লগতে কন্যাক আসিলা লই।
সমস্ত সুহৃদে বেঢ়িলে গই॥
পৰম ৰঙ্গে কৰে শুভ শুভ।
শিৰত সিঞ্চিলে অক্ষত দূৰ্ব॥
পাছে দিব্য সভা মাধৱে পাতি।
আনিলন্ত সত্ৰাজিতক মাতি॥
যি মতে মণিক পাইলন্ত তথা।
ৰাজ সমাজত কহিলা কথা॥
সাক্ষী কৰি হৰি সবে সভাতে।
দিলা মণি সত্ৰাজিতৰ হাতে॥
হাতত মণি লৈয়া সত্ৰাজিত।
ভৈলন্ত লাজ অতি বিপৰীত॥
কৰে অনুতাপ মন অসুখে।
গৃহক লাগি গৈল অধোমুখে॥
আপুনি কৃষ্ণক বিৰোধ কৰি।
ৰাত্ৰি দিনে গুণে নিদ্ৰাক এড়ি॥
মই মহামূঢ় পাপী নৃশংস।
মিছাত কৃষ্ণক দিলো কলঙ্ক॥
কিমতে এৰাইবো লোকৰ শাপ।
কেনে তুষ্ট হোন্ত জগত বাপ॥
কিমতে কৃষ্ণৰ ৰঞ্জিবো চিত্ত।
গুণন্ত এহি বুলি সত্ৰাজিত॥