পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৫
কৃষ্ণ গুণমালা।

কেশৱে কুপিলা,
ভাণ্ডক ভাঙ্গিলা,
বাড়ি লৈলা কৰে,
নামি উড়লৰে,
যশোদা খেদন্ত,
কান্দন্ত কাপন্ত,
কৰে ধৰি আনি,
বান্ধি চক্ৰপাণী,
উড়ল ঘসাই,
উভাড়ি পেলাই,
দুই দেৱ বৰ,
কৰিয়া কাতৰ,
কি ভৈল বুলি,
মলচিয়া ধূলি,
গোপৰ সুন্দৰী,
অঙ্গি ভঙ্গি কৰি,
পসাৰি ডাকিল,
শুনিয়া চলিল,
ধান্যক দিলন্ত,
ৰত্ন অপৰ্য্যন্ত,
গোকুল ভবন,
পাছে বৃন্দাবন,
বৎস আসুৰ,
কৰি মষিমূৰ,
আসি বক গোটে,
তাক ধৰি ঠোটে,
সৰ্পৰূপে আসি,
বদন প্ৰকাশি,
ভেটিলন্ত গল,
এড়ি মূত্ৰ মল,

   

ধৰি পটাশিলা।
যাশোদা দেখিলা।
দেখি দামোদৰে।
লড় দিলা ডৰে।
ভয়ে ভগৱন্ত।
বাড়ি এড়িলন্ত।
উড়খলে টানি।
ঢলি গৈল বাণী।
বৃক্ষত লগাই।
বঙ্গে আছা চাই।
দিব্য ৰূপধৰ।
চলি গৈলা ঘৰ।
নন্দে বান্ধ মেলি।
কোলে লৈলা তুলি।
বঝাৱে চাপৰি।
নাচে দেৱহৰি।
কোনে লৈব ফল।
কৃষ্ণ দয়াশীল।
ফলক লৈলন্ত।
ভাও ভৰিলন্ত।
তেজি নাৰায়ণ।
কৰিলা গমন।
পৰম দন্দুৰ।
নিলা যমপুৰ।
গিলিলেক চোটে।
চিৰিলা আস্ফোটে।
অঘে তুলি হাসি।
গিলিল গৰাসি।
ভকত বৎসল।
মৰিল-নিস্থল।